NORTHEAST NOW (Assamese)
অসম

ৰাহুল গান্ধী কেনেকুৱা ব্যক্তি? নিজৰ স্মৃতিকথাত লিখিছে বাৰাক অ’বামাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2020 10:19 am
obama-rahul

প্ৰসিদ্ধ টাইম মেগাজিনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  বিষয়ে লিখিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই। অ’বামাই এইবাৰ তেওঁৰ কলমত ৰাহুল গান্ধীৰ বিষয়ে বিশ্লেষণ কৰিছে।

নিজৰ স্মৃতিকথাত ৰাহুল গান্ধীৰ বিষয়ে লিখিছে বাৰাক অ’বামাই।

নিউ য়ৰ্ক টাইমছত প্ৰকাশিত হৈছে ‘এ প্ৰমাইজড লেণ্ড’ নামেৰে অ’বামাৰ সেই স্মৃতিকথাৰ কিয়দাংশ। তাতেই  ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু মনমোহন সিঙৰ কথা আছে।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে,’’এগৰাকী নাৰ্ভাছ, অপৰিপাটি ব্যক্তিত্ব। তেওঁ যেন এগৰাকী ছাত্ৰ যিয়ে বহু পঢ়াশুনা কৰিছে আৰু শিক্ষকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আগ্ৰহী। কিন্তু তেওঁৰ তৎপৰতাৰ অভাৱ আছে বা বিষয়টো বুজোৱাৰ ক্ষমতা কম।‘’

অ’বামাৰ লেখাত কেবল ৰাহুল গান্ধীয়েই নহয়, ছোনিয়া গান্ধী আৰু মনমোহন সিঙৰো কথা আছে। তেওঁ লিখিছে,’’ৰাজনীতিত হেণ্ডছম পুৰুষৰ কথা শুনিছো, কিন্তু ৰাজনীতিত মহিলাসকলৰ সৌন্দৰ্যৰ কথা শুনা নাই। অৱশ্যে, ছোনিয়া গান্ধী ব্যতিক্ৰম।‘’

অ’বামাৰ ভাষাত মনমোহন সিং এগৰাকী অবিচলিত ব্যক্তি। সেইদৰে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কথাও লিখিছে।

ইয়াৰ পূৰ্বে ‘দৰিদ্ৰতাৰ পৰা প্ৰধানমন্ত্ৰীলৈ’ বুলি টাইম মেগাজিনৰ পাতত মোদীৰ বিষয়ে লিখি প্ৰশংসা কৰিছিল অ’বামাই। তেওঁৰ মতে মোদীৰ জীৱন কাহিনীতেই ভাৰতৰ উত্থানৰ গতি আৰু সম্ভাৱনা প্ৰতিফলিত হৈছে।

তেওঁ আনকি মোদীক ৰিফৰ্মাৰ অফ চীফ বুলিও সম্বোধন কৰিছিল।