NORTHEAST NOW (Assamese)
অসম

কোভিড নিয়ন্ত্ৰণ বিষয়লৈ বাংলাদেশ, পাকিস্তান, নেপাল আৰু শ্ৰীলংকাৰ সৈতে চীনৰ বৈঠক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 13, 2020 5:08 pm

চীনে বাংলাদেশ, পাকিস্তান, নেপাল আৰু শ্ৰীলংকাৰ সৈতে কোভিড-১৯ নিয়ন্ত্ৰণ আৰু অৰ্থনৈতিক বিকাশ সম্পৰ্কীয় এখন বৈঠকত অংশগ্ৰহণ কৰে।

‘‘পাৰস্পৰিক বুজাপৰাৰ সৈতে পাঁচোখন দেশে কোভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংঘবদ্ধ হৈ কাম কৰাৰ বাবে আগবাঢ়ি আহিছো আৰু আমি অন্য দেশকো আমাৰ সৈতে একেলগে কোভিড-১৯ নিয়ন্ত্ৰণৰ বাবে কাম কৰাৰ বাবে আহ্বান জানাইছো,’’ চীনৰ বৈদেশিক মন্ত্ৰীয়ে এইদৰে কয়।

ইয়াৰ পূৰ্বে জুলাই মাহত চীনে পাকিস্তান, নেপাল আৰু আফগানিস্তানৰ সৈতে একেধৰণৰ বৈঠকত অংশগ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছত আৰু সীমান্তত ভাৰত-চীনৰ মাজত চলি থকা উত্তেজনাময় পৰিবেশৰ মাজতে চীনে ভাৰতৰ চুবুৰীয়া দেশ সমূহৰ সৈতে সম্পৰ্ক দৃঢ় কৰাৰ বাবে চেষ্টা চলাই আহিছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণক কেন্দ্ৰ কৰি উইৰোপীয় দেশ সমূহত ক্ৰমাৎ চীনৰ ভাৱমুৰ্তি ম্লান হ’বলৈ আৰম্ভ কৰিছে সেয়ে চীনে নতুনকৈ দক্ষিণ এছিয়াৰ দেশ সমূহক নিজৰ পক্ষলৈ অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।