NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ নতুন প্ৰদেশ প্ৰভাৰীৰ নাম ঘোষণা; দিলীপ শইকীয়াক অৰুণাচল আৰু ঝাৰখণ্ডৰ দায়িত্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 14, 2020 12:26 pm
l_DILIP-SAIKIA-1554097049

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে বিজেপিয়ে ইয়াৰ নতুন প্ৰদেশ প্ৰভাৰীৰ নাম ঘোষণা কৰিছে।

নতুনকৈ ঘোষণা কৰা বিজেপিৰ প্ৰদেশ প্ৰভাৰীৰ তালিকা অনুসৰি অমসৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াক অৰুণাচল প্ৰদেশ আৰু ঝাৰখণ্ডৰ প্ৰভাৰীৰ দায়িত্বভাৰ অৰ্পন কৰিছে।

দিলীপ শইকীয়াই ২০১৯ লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ সাংসদ হিচাপ নিৰ্বাচিত হৈছে।

আনহাতে, হাইপ্ৰফাইল পশ্চিমবংগৰ প্ৰভাৰীৰ দায়িত্ব অৰ্পন কৰা হৈছে কৈলাশ বিজয়বৰ্গীয়াক। ইয়াৰ পূৰ্বেও কৈলাশ বিজয়বৰ্গীয়া পশ্চিমবংগৰ প্ৰভাৰী হিচাপে আছিল।

ইপিনে, অসমৰ প্ৰভাৰী হিচাপে দায়িত্ব অৰ্পন কৰা হৈছে বৈজয়ন্ত পাণ্ডাক।

বৈজয়ন্ত পাণ্ডাক প্ৰভাৰী হিচাপে ৰাখিয়ে বিজেপিয়ে আগন্তুক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব নে নতুনকৈ প্ৰভাৰী নিয়োগ কৰা হ’ব সেয়া সময়ে ক’ব।

মণিপুৰৰ প্ৰভাৰী হিচাপে বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰা, মেঘালয়ৰ প্ৰভাৰী হিচাপে শ্ৰী চুবা এ ও, নাগালেণ্ডৰ প্ৰভাৰী হিচাপে নলিন কোহলী আৰু ত্ৰিপুৰাৰ প্ৰভাৰী হিচাপে বিনোদ চোনকাৰক দায়িত্বভাৰ অৰ্পন কৰা হৈছে।