NORTHEAST NOW (Assamese)
অসম

জাতিংগাত ডিমাচা ছাত্ৰ সন্থাৰ স্বচ্ছ ভাৰত অভিযানৰ কাৰ্য্যসূচী

Posted by: পংকজ কুমাৰ দেৱ March 12, 2018 12:59 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে যোৱা দেওবাৰে ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিটিৰ লগতে হাফলং কলেজ গোটে জাতিংগা নৈ আৰু ইয়াৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথৰ টপ ডাউন টানেল চৌহদত এক চাফাই অভিযান চলায়।
প্ৰায় ছঘণ্টা ধৰি চলা এই চাফাই অভিযানত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ লগত স্থানীয় ছাত্ৰ নেতা সকলে ভাগ লয়।
উল্লেখ্য যে ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিটিৰ সাধাৰণ সচিব প্ৰমিত চেংগুইনৰ নেতৃত্বত প্ৰথমে জাতিংগা নৈত চাফাই অভিযান চলোৱা হয়। ইয়াৰ পাছত টপ ডাউন টানেল চৌহদ পৰিস্কাৰ কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে।
স্মৰ্তব্য যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হোৱাৰ পাছত দূৰদূৰনিৰ পৰা বনভোজ যাত্ৰী সকলে জাতিংগা নৈৰ পাৰ ব্যৱহাৰ কৰি লেতেৰা কৰে। আনহাতে ৰাষ্ট্ৰীয় ঘাইপথতো একেই সমস্যা। প্লাষ্টিকৰ বটলৰ লগতে ফাষ্টফুডৰ পেকেট আদিৰ লগতে সুৰাৰ বটল আদি আৱৰ্জনাৰে ভৰি পৰা ঠাই সমূহ পৰিস্কাৰ কৰে ছাত্ৰ নেতা সকলে।

উল্লেখ্য যে চাফাই অভিযানৰ ফলত নতুন ৰূপ লাভ কৰে জাতিংগা নৈৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা টানেল চৌহদে।
ডিমাচা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সচিব প্ৰমিত চেংগুইনে এই সন্দৰ্বত কয় ‘দেশৰ নাগৰিক হিচাপে আমাৰ চৌদিশ চাফ-চিকুণকৈ ৰখাটো আমাৰ দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰত অভিযানক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।’

লগতে ছাত্ৰ নেতা গৰাকীয়ে সমাজৰ বিভিন্ন স্তৰৰ ৰাইজক নিজ নিজ গাঁও তথা অঞ্চল সমূহ পৰিস্কাৰকৈ ৰখাৰ বাবে আহ্বান জনায়।