NORTHEAST NOW (Assamese)
অসম

মাংগলিক ৰীতি নীতিৰে মৰিগাঁও জিলাৰ চৰাইবাহী নাথ যোগী জাতীয় অভিৱৰ্তনৰ লাইখুঁটা স্হাপন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 6:24 am
a llll

 সদৌ মৰিগাঁও নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ উদ্যোগত অহা ১২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক ভিত্তিক নাথ যোগী জাতীয় অভিৱৰ্তনৰ কালি  লাইখুঁটা স্হাপন কৰা হয় মৰিগাঁও জিলাৰ চৰাইবাহীত।

নাথ যোগী ধৰ্মীয় ৰীতি নীতিৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত লাইখুঁটা স্হাপন কৰে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰাজেন্দ্ৰ কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ পদ্ম কান্ত নাথ, বীৰেন্দ্ৰ কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত শিক্ষক মহেন্দ্ৰ কুমাৰ নাথ, সোমবৰ নাথ আদি কেবাগৰাকীও শিক্ষাবিদে।

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে আদৰণী সমিতিৰ সভাপতি তথা চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমল চন্দ্ৰ নাথে।

উল্লেখযোগ্য যে নাথ যোগী সম্প্ৰদায়ৰ সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যেৰে আয়োজন কৰা জাতীয় অভিৱৰ্তনত অসম চৰকাৰৰ স্বাস্হ্য, বিত্ত, শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথ,অসম আৰক্ষীৰ বিশেষ শাখাৰ মহা পৰিদৰ্শক হীৰেন নাথ, নাথ গুৰু যোগেশ্বৰ মহন্ত শিৱনাথ(উৰিষ্যাৰ), স্বামী কৈৱল্য নাথ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰফুল্ল কুমাৰ নাথকে ধৰি নাথ সম্প্ৰদায়ৰ জাতীয় অনুষ্ঠান সমূহৰ নেতৃবৃন্দ উপস্হিত থাকিব।

চৰাইবাহী সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰৰ প্ৰাঙ্গণত অনুষ্ঠিত হব লগা অভিৱৰ্তনখনত অসমৰ ভিন্ন প্ৰান্তৰ দহ সহস্ৰাধিক লোক সমবেত হ’বলগীয়া অভিৱৰ্তন খন সফল কৰি তুলিবলৈ সকলো শ্ৰেণী ৰাইজৰে সহায় সহযোগীতা কামনা কৰিছে  আদৰণী সমিতিৰ হৈ সভাপতি ড০ কমল চন্দ্ৰ নাথ,কাৰ্যকৰী সভাপতি ডা০ কবিন চন্দ্ৰ নাথ,সম্পাদক সঞ্জীৱ কুমাৰ নাথ আৰু কেন্দ্রীয় সমিতিৰ হৈ সভাপতি লক্ষ্যজ্যোতি নাথ আৰু সম্পাদক জিতুমনি নাথে।