NORTHEAST NOW (Assamese)
Popular Stories

মুখ্যমন্ত্ৰীৰূপে বিহাৰৰ ইতিহাসত সপ্তমবাৰ শপত গ্ৰহণ কৰিলে শক্তিহীন নীতিশ কুমাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 16, 2020 7:08 pm
index.jpgx

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে সপ্তমবাৰৰ বাবে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে।

সোমবাৰে সন্ধিয়া চাৰে চাৰিটা বজাত বিহাৰ ৰাজভৱনত শপত বাক্য পাঠ কৰে জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে।

আজি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী গৃহমন্ত্ৰী অমিত শ্বাহ।

উল্লেখ্য যে সদ্য সমাপ্ত বিহাৰ বিধান সভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দল জনতা দল(সংযুক্ত)এ তৃতীয় সৰ্ববৃৎ দল হিচাপে পৰিগণিত হ’লেও ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰধান দল ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত বিহাৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে।

ইফালে এইবাৰ বিহাৰ চৰকাৰত বিজেপিৰ দলৰ পৰা দুগৰাকী উপ মুখ্যমন্ত্ৰী হিচাপে থাকিব বুলি জানিব পৰা গৈছে।

বিহাৰ বিজেপি নেতা তাৰিকিশোৰ প্ৰসাদ আৰু বিজেপি নেত্ৰী ৰুণু দেৱী বিহাৰ চৰকাৰৰ উপ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে।

আনহাতে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীক কেন্দ্ৰীয় মন্ত্ৰী সভাত অন্তভুৰ্ক্ত কৰা হ’ব বুলি এক সূত্ৰই দাবী কৰিছে।

এইবাৰ নীতিশ কুমাৰক বিহাৰৰ পুতলা অৰ্থাৎ শক্তিহীন মুখ্যমন্ত্ৰী হিচাপে অভিহিত কৰা হৈছে।

উল্লেখ্য যে বিহাৰ বিধান সভাৰ নিৰ্বাচনত এনডিএৰ প্ৰধান দল বিজেপিয়ে ৭৩ খন লাভ কৰাৰ বিপৰীতে নীতিশ কুমাৰৰ জেডি(ইউ)এ লাভ কৰে মাত্ৰ ৪৩ খন আসন।

নীতিশ কুমাৰৰ ক্ষমতাক নিয়ন্ত্ৰণ কৰি তথা নিজৰ প্ৰভূত্ত্ব খটুৱাই বিজেপিয়ে ইতিমধ্যে বিহাৰ চৰকাৰত দুগৰাকীকৈ উপ মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰি নীতিশ কুমাৰ যে বিহাৰৰ শক্তিহীন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব লাগিব তাৰেই ইংগিত প্ৰদান কৰিছে।

নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হ’লেও ক্ষমতাৰ বাঘজৰীডাল বিজেপিৰ হাততেই থাকিব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিশ্লেষকসকলে।