NORTHEAST NOW (Assamese)
অসম

‘বিজেপিত অগ্নিপৰীক্ষা দি দি অশান্ত হৈ পৰিছে মন্ত্ৰী হিমন্ত’ : মীৰা বৰঠাকুৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 16, 2020 8:27 pm
HImanta VS Mira

‘যদি হিমন্ত বিশ্ব শৰ্মাক অফ কেমেৰা সোধে তেন্তে তেওঁ নিজেই ক’ব বিজেপিত অতিকৈ অশান্ত মানুহজন তেওঁ। বিজেপিত অগ্নি পৰীক্ষা দি দি হিমন্তই শেষ কৰিব পৰা নাই।‘ শোণিতপুৰ জিলাৰ কাৱৈমাৰীত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰে আঞ্চলিক গণ মৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰ।

ইপিনে, বিজেপি-আৰএছএছৰ পাল্লাত পৰিহে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক গালি পাৰিছে বুলিও কটাক্ষ কৰে বৰঠাকুৰে।

‘আৰএছএছ-বিজেপিৰ পাল্লাত পৰিহে আজমলক গালি পাৰিছো, লুঙি-টুপীক গালি পাৰিছো, ৰঙা ফোঁট লৈছো। তথাপি হিমন্ত বিশ্ব শৰ্মাই পাৰ পোৱা নাই।‘ মন্ত্ৰী হিমন্তৰ অৱস্থাটোক কটাক্ষ কৰি বৰঠাকুৰে এইদৰে কয়।

পুনৰবাৰ অশান্ত বিজেপিজনেই হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰি বৰঠাকুৰে লগতে কয় ‘বেলেগক গালি-গালাজ কেতিয়া পাৰে যেতিয়া মানুহজন অস্থিৰ বা হতাশ হয়। হিমন্ত বিশ্ব শৰ্মা এতিয়া অভাৱত আছে।‘

অৱশ্যে, হিমন্ত বিশ্ব টকাৰ অভাৱত নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘চকীৰ অভাৱতহে তেওঁ অস্থিৰ হৈছে। ইমানবোৰ বিধায়ক জিকাই আনি এতিয়া ভাবিছিল তেওঁৰ অভাৱটো পূৰণ হ’ব। এতিয়া এই অভাৱে চুনামি ৰূপ ল’লে। বিজেপিত থাকিলে এই অভাৱ তেওঁৰ পূৰণ নহয়।‘

ইপিনে, বিজেপি অক্টোপাছৰ দৰে ৰক্ত পিপাশুৰ দল বুলি ক্ষোভ কৰি বৰঠাকুৰে লগতে কয় ‘হিমন্ত বিশ্ব শৰ্মাই মোতকৈ বিজেপিক বেছি নাজানে। উদীয়মান যুৱ ৰাজনীতিক হিচাপে হতাশাত পৰি হিমন্তক কোঙা হোৱাটো নিবিচাৰো। বিজেপিয়ে আপোনাক খুলি খুলি খাইছে আৰু খুলি খুলি খাব।