NORTHEAST NOW (Assamese)
অসম

সাংবাদিক মিলন মহন্তক নিগ্ৰহ : দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2020 3:39 pm
Sangbadik Prohar

১৫ নবেম্বৰত দক্ষিণ কামৰূপৰ মিৰ্জাৰ ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সাংবাদিক মিলন মহন্তক একাংশ জুৱাৰীয়ে আক্ৰমণ কৰি শাৰীৰিক নিৰ্যাতন কৰা ঘটনাৰ প্ৰতিবাদত ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েশ্যনৰ নলবাৰী জিলা সমিতিয়ে আজি জিলা উপায়ুক্তকৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷

এছ’চিয়েশ্যন-এ কয় যে সাংবাদিকৰ ওপৰত চলা এই ধাৰাবাহিক আক্ৰমণে অশুভ ইংগিত বহন কৰি আাহিছে।

সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক এনেবোৰ ঘটনা ৰোধৰ ক্ষেত্ৰত শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েশ্যনৰ নলবাৰী জিলা সমিতিয়ে৷

এই ক্ষেত্ৰত ইণ্ডিয়ান জাৰ্ণেলিষ্ট এছ’চিয়েশ্যনৰ নলবাৰী জিলা সমিতিয়ে আজি স্মাৰকপত্ৰ যোগে এই ঘটনাৰ নিৰপেক্ষ তদন্ত বিছাৰিছে৷

আৰু অতিশীঘ্ৰে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহৰ দাবী জনোৱাৰ লগতে সাংবাদিকৰ ভৱিষ্যৎ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায়৷