জে এন য়ুক স্বামী বিবেকানন্দৰ নামেৰে নতুনকৈ নামাকৰণ কৰিব লাগে; বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ মন্তব্য

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ক নতুনকৈ স্বামী বিবেকানন্দৰ নামেৰে নামাকৰণ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক চি টি ৰবিয়ে।
চি টি ৰবিয়ে সোমবাৰে সংবাদ মাধ্যমৰ আগত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নাম স্বামী বিবেকানন্দৰ নামেৰে পুনৰ নামাকৰণ কৰা দৰকাৰ বুলি উল্লেখ কৰে।
‘‘স্বামী বিবেকানন্দ হ’ল ‘ভাৰত’ চিন্তাধাৰৰ হকে থিয় দিয়া প্ৰথমগৰাকী ব্যক্তি। তেওঁৰ দৰ্শন আৰু আদৰ্শই ভাৰতৰ শক্তিক প্ৰতিফলিত কৰে,’’ চি টি ৰবিয়ে লগতে কয়।
আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে স্বামী বিবেকানন্দ আদৰ্শ আৰু জীৱনৰাজীয়ে আহিবলীগায় প্ৰজন্মক সদায় আকৰ্ষিত কৰি যাব বুলিও মতপ্ৰকাশ কৰে।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমুৰ্তি উন্মোচন কৰিছিল।
মোদীয়ে বিবেকানন্দৰ প্ৰতিমুৰ্তি উন্মোচন কৰাৰ পূৰ্বে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনক ধ্বংস কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।