NORTHEAST NOW (Assamese)
অসম

বিভিন্ন সামাজিক সজাগতামূলক বিষয় লৈ ১০০০ কিঃ মিঃ চাইকেলৰ যাত্ৰাৰম্ভ বিশ্বনাথৰ যুৱক স্নেহাংকৰৰ

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম November 17, 2020 7:00 pm
index.jpgaa

বিশ্বনাথৰ এজন যুৱক, নাম স্নেহাংকৰ চক্ৰৱৰ্তী। ঘৰ বিশ্বনাথ চাৰিআলিৰ নৱপুৰত।

সাংবাদিকৰ সামাজিক সুৰক্ষা তথা বিভিন্ন সজাগতামূলক বিষয়কলৈ সজাগতা সৃষ্টি কৰি অহাৰ বাবে ব্যাপক চৰ্চা লাভ কৰি আহিছে এই যুৱকজনে।

কিন্তু এইবাৰ ব্যতিক্ৰমী পদক্ষেপ লৈছে যুৱকজনে। বিশ্বনাথৰ পৰা ঢলা শদিয়া হৈ ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট আৰু কলিয়াবৰ পৰা পুনৰ বিশ্বনাথলৈ প্ৰায় ১০০০ কিলোমিটাৰ চাইকেলেৰে যাত্ৰা সম্পন্ন কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে চাইকেল যাত্ৰা।

এই উদ্দেশ্য আজি পুৱা ভাগত বিশ্বনাথ চাৰিআলিৰ ট্ৰেফিক প‌ইন্টৰ পৰা আৰম্ভ কৰা চাইকেল যাত্ৰাৰ বাবে যুৱকজনক উৎসাহিত কৰিবলৈ উপস্থিত হয় অসংখ্য গুণমুগ্ধ তথা শুভাকাংশী।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতি, চেম্পিয়নচ মেকাৰ একাডেমীৰ লগতে বহুকেইজন গুণমুগ্ধ‌ই যুৱকজনৰ প্ৰচেষ্টাক সমৰ্থন কৰি সম্বৰ্ধনা জ্ঞাপন কৰে।

সাংবাদিকৰ সামাজিক সুৰক্ষাৰ লগতে বিভিন্ন সামাজিক সমস্যা সমাধানৰ দাবীত কিছুদিনৰ পৰা যুৱকজনে এইদৰে চাইকেলৰ ব্যতিক্ৰমী যাত্ৰাৰে চৰ্চা লাভ কৰি আহিছে।

উল্লেখ যে প্ৰিন্ট আৰু ইলেক্ট্ৰনিক মিডিয়াত দীৰ্ঘ সময় ধৰি উপ-সম্পাদক হিচাপে নিয়োজিত আছিল এই স্নেহাংকৰ চক্ৰৱৰ্তী।

চক্ৰৱৰ্তীৰ এই সজাগতামুলক দীঘলীয়া ব্যতিক্ৰমী যাত্ৰাক বিশ্বনাথবাসীয়ে শুভেচ্ছা জনোৱাৰ লগতে সুস্থ আৰু সফলতাৰে সম্পন্ন হোৱাৰ বাবে উৎসাহ প্ৰদান কৰে।