NORTHEAST NOW (Assamese)
অসম

টীয়কৰ বনাই কলিয়াপানীত অজগৰ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক November 18, 2020 3:05 pm
a Screenshot_2020-11-18-14-47-19_1

যোৰহাট জিলাৰ টীয়কৰ বনাই কলিয়াপানী অঞ্চলৰ সত্যজিৎ দত্ত নামৰ এজন যুৱকৰ ঘৰৰ বাৰীৰ এজোপা গছত আজি এডাল অজগৰ উদ্ধাৰ হয় l

অজগৰ ডাল প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় একাংশ যুৱকক খবৰ দিয়ে।

খবৰ পাই স্থানীয় ৰাইজ আৰু  কেইবাজনো স্থানীয় যুৱকৰ সহযোগত সাপ ডাল বহু কষ্টেৰে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে স্থানীয় ৰাইজে বন বিভাগৰ লগত যোগাযোগ কৰি চমজাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে।

এনেদৰে মানুহৰ বাৰীত অজগৰ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা  পৰিলক্ষিত হৈছে।

অজগৰ ডাল ক’ৰ পৰা আহি সেই খিনি পালেহি তাকে লৈ এতিয়া বহুতৰে মাজত আলোচনা হোৱা পৰিলক্ষিত হৈছে।