NORTHEAST NOW (Assamese)
অসম

জুবিন গাৰ্গৰ আজিৰ জন্ম দিনত টিয়কত এগৰাকী চিত্ৰশিল্পীৰ অনন্য প্ৰয়াস

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক November 18, 2020 7:02 pm

আজি নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ জুবিন গাৰ্গৰ ৪৯ সংখ্যক জন্মদিন।

জনপ্ৰিয় শিল্পীগৰাকীৰ এই বিশেষ দিনটোত বিভিন্নজন অনুৰাগীয়ে বিভিন্ন প্ৰকাৰে শুভেচ্ছা জনাইছে৷

তেনে এজন অনুৰাগী লক্ষিমপুৰৰ আজাদ গাঁৱৰ চিত্ৰশিল্পী নীলমণি চাংমাই।

Screenshot_2020-11-18-17-04-07_1(1)

কৰ্মসূত্ৰে যোৰহাটত থকা এই গৰাকী অনুৰাগীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত থকা টীয়ক সমষ্টিৰ হাতীগড় অঞ্চলৰ অৰ্ধনিৰ্মিত চাৰিলেণ্ডযুক্ত পথৰ ৰ’ডপাছৰ দেৱালত  অংকন কৰিছে এখন বৃহৎ আকাৰৰ জুবিন গাৰ্গৰ পেইণ্টিং৷

পেছাত এগৰাকী পেইন্টাৰ এইজন শিল্পীয়ে ঘাইপথৰ কাষত এনেদৰেই পেইণ্টিং আঁকি শুভেচ্ছা জনালে মৰমৰ শিল্পী জনলৈ।

নীলমণিৰ এই প্ৰয়াসে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।