NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত আছাৰ জনজাতিকৰণ আৰু ভূমি পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদী বাইক ৰেলী

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 18, 2020 7:21 pm
index

জনজাতিকৰণ (ST), ভূমি পট্ৰা আদিৰ দাবীত আজি আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়লৈকে এক প্ৰতিবাদী বাইক ৰেলী বাহিৰ কৰে।

বিজেপি নেতৃত্বাধীন চৰকাৰ খনে ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ, ভূমি পট্ৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকাকৈ দিয়াৰ দাবীত এই প্ৰতিবাদী বাইক ৰেলি বাহিৰ কৰে আছাই।

অনতিপ্ৰলমে তেওঁলোকৰ দাবী ৰূপায়ণ নকৰিলে ইয়াতকৈ অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে আছাৰ নেতৃত্বই।

আজিৰ বাইক ৰেলিত শতাধীক আছাৰ সদস্যই অংশগ্ৰহণ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে।