NORTHEAST NOW (Assamese)
অসম

এইবাৰ মাজুলীত কাতি বিহু পালন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 16, 2019 10:04 pm
Sarbanada Sonowal

অহা ১৮ অক্টোবৰত ৰাজ্য চৰকাৰৰ উদ্যোগত মাজুলীত কেন্দ্ৰীয়ভাৱে কাতি বিহু পালনৰ দিহা কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত উজনি মাজুলীৰ ‌মাজৰ দেউৰী গাঁৱত আয়োজন কৰা কাতি বিহু পালনৰ অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

অনুষ্ঠানত মাজুলীৰ বিভিন্ন সত্ৰাধিকাৰসকলৰ লগতে থলুৱা জনগোষ্ঠীয় ৰাইজৰ উপস্থিতিত সোণোৱালে অসমীয়া পৰম্পৰা ৰক্ষা কৰি কৃষকৰ ভঁৰাল সম্বৃদ্ধ হোৱাৰ প্ৰাৰ্থনাৰে মাজৰ দেউৰীগাঁৱৰ ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰি সেৱা ল’ব।

অনুষ্ঠানৰ পাছত সন্ধিয়া তেওঁ আউনিআটী সত্ৰত কাতি বিহুৰ আকাশবন্তি প্ৰজ্বলন অনুষ্ঠানতো ভাগ ল’ব। আউনিআটী সত্ৰত বহু পূৰ্বৰে পৰাই কাতি বিহুৰ সন্ধিয়া বাঁহেৰে বিশেষ ভাৱে নিৰ্মিত প্ৰায় ৫০ ফুট উচ্চতাৰ ২১ জোৰা আকাশবন্তি জ্বলোৱা হয়।

উল্লেখযোগ্য যে, মুখ্য মন্ত্ৰী সোণোৱাল বৃহস্পতিবাৰে বিয়লিৰ ভাগত মাজুলীত আহি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা পৰিষদৰ সভানেত্ৰী-সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি-সদস্য আৰু গাঁও পঞ্চায়তসমূহৰ সভাপতিৰ লগতে সচিবসকলৰ লগত এখন পৰ্যালোচনা বৈঠকত মিলিত হ’ব।

আনহাতে কাতি বিহু পালনৰ কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজিৰ বিধায়ক ৰণোজ পেগু, টিংখঙৰ বিধায়ক বিমল বৰা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীও উপস্থিত থাকিব।