NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ বিয়া হ’বলৈ অসন্মত এগৰাকী বিধৱাৰ নাক-জিভা কাটি গ্ৰেপ্তাৰ হ’ল তিনি অভিযুক্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 19, 2020 8:42 am
28_10_2020_12_17_38_7640677

বুধবাৰে এগৰাকী বিধৱা নাৰীৰ নাক-জিভা কাটি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে তিনিজনকৈ লোক।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি ২৮ বছৰীয়া এগৰাকী বিধৱা নাৰী পুনৰ বিয়াৰ বাবে অসন্মত হোৱাত তিনিজন লোকে চোকা অস্ত্ৰেৰে বিধৱা গৰাকীৰ নাক আৰু জিভা কাটি পেলায়।

ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ জায়ছালমেৰ জিলাৰ শংকৰাৰ ব্লকৰ জাগীৰ’ন কি ধানী গাঁৱত।

গাঁওখনৰ নিৱাসী বিধৱা গুড্ডীয়ে ৬ বছৰ পূৰ্বে ক’জে খান নামৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। যোৱা বছৰ গুড্ডীৰ স্বামীৰ মৃত্যু হয়।

স্বামীৰ মৃত্যুৰ পিছত গুড্ডীৰ ননদে তেওঁলোকৰ পৰিয়ালৰ এজন লোকৰ সৈতে গুড্ডীক পুনৰ বিয়া হ’বলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল। কিন্তু গুড্ডীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰি আহিছিল।

এই কথাতে খঙত একো নাই হৈ মংগলবাৰে সন্ধিয়া স্বামী পৰিয়ালৰ কিছু লোকে গুড্ডী ঘৰলৈ আহি চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে। এইদৰে আক্ৰমণ কৰি তেওঁলোকে গুড্ডীৰ নাক আৰু জিভা কাটি পেলায়।

ঘটনা সন্দৰ্ভত গুড্ডীৰ ভাতৃ বাছেৰ খানে শংকৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

“তেওঁলোকে গুড্ডীৰ নাক আৰু কাণ কাটি পেলোৱাৰ লগতে সোঁ হাতখন ভাঙি দিয়ে।” আক্ৰান্ত গুড্ডীৰ ভাতৃ বাছেৰ খানে এইদৰে এজাহাৰত উল্লেখ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই আক্ৰমণৰ পৰা গুড্ডীক ৰক্ষা কৰিবলৈ গৈ মাতৃ বিছমিল্লাও আহত হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

বুধবাৰে ঘটনা সন্দৰ্ভত আনোৱাৰ খান আৰু নৱাব খান আৰু এজনসহ তিনি অভিযুক্তক যুধপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি জনাইছে আৰক্ষীয়ে।

ইফালে সমগ্ৰ ঘটনাটোত ৯ গৰাকী লোক জড়িত থকাৰ কথা আক্ৰান্তৰ ভাতৃয়ে এজাহাৰত উল্লেখ কৰিছে বুলি আৰক্ষী বিষয়া জানু খানে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।