NORTHEAST NOW (Assamese)
অসম

পেঙেৰীত সেনাৰ জালত আলফা স্বাধীনৰ দুৰ্ধৰ্ষ নেতা

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ November 20, 2020 6:43 am
IMG-20201119-WA0063

আলফা স্বাধীনৰ দুৰ্ধৰ্ষ নেতা ছেকেণ্ড লেফটেনেণ্ট প্ৰান্তিক অসমক ভাৰতীয় সেনাই বুধবাৰে নিশা পেঙেৰীৰ এক বনাঞ্চলৰ পৰা আটক কৰাৰ খবৰ পোৱা গৈছে।

প্ৰান্তিকৰ গ্ৰেপ্তাৰ আলফা স্বাধীনৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে।

বুধবাৰে নিশা ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীৰ যুটীয়া অভিযান ক্ৰমে পেঙেৰীত অস্ত্ৰ-শস্ত্ৰ, গুলী-বাৰুদসহ ধৰা পৰে আলফা স্বাধীনৰ সদস্যজন।

বিগত কেইবামাহৰ পৰা লাভ কৰি অহা চোৰাংচোৱাৰ খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল।

ধৃত কেডাৰজন কেৱল যুদ্ধসম্পৰ্কীয় আৰু প্ৰশাসনিক দক্ষতা আছিল এনে নহয়, তেওঁ ম্যানমাৰৰ আলফা স্বাধীনৰ অভিযান শিৱিৰৰ ‘থিংক টেংক’ আছিল আৰু তেওঁ আলফা স্বাধীনৰ লেফটেনেণ্ট কৰ্ণেল অৰুণোদয় অসমৰ অতি ঘনিষ্ঠ সহযোগী আছিল বুলিও ভাৰতীয় সেনাই দাবী কৰিছে।

ধৃত আলফা প্ৰান্তিক অসম আৰু তেওঁৰ জিম্মাৰ পৰা উদ্ধাৰ কৰা আপত্তিজনক সামগ্ৰীসমূহ অধিক অনুসন্ধানৰ খাতিৰত তিনিচুকীয়া আৰক্ষীৰ হাতত চমজাই দিয়া হৈছে বুলিও সেনাই জানিবলৈ দিছে।

অৱশ্যে, এই সন্দৰ্ভত সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।