NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ কাঁহিবাৰীত এছএছবি জোৱানৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী November 21, 2020 10:23 am
IMG-20201121-WA0005

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী চকীৰ অন্তৰ্গত কাঁহিবাৰী গাঁৱত হঠাতে শোকৰ ছাঁ পৰিছে।

দেশ মাতৃৰ প্ৰতি থকা অগাধ প্ৰেম, ভালপোৱা, শ্ৰদ্ধাৰ বাবেই দেশ মাতৃক শত্ৰুৰ পৰা ৰক্ষাৰ প্ৰতিশ্ৰুতি বুকুত লৈ সকলো পৰীক্ষাত উত্তীৰ্ণ হৈ ২০০৬ চনত ৰঙিয়া এছ এছ বি বেটেলিয়নত যোগদান কৰে কাঁহিবাৰী স্বৰ্গীয় সাধুৰাম ৰায় আৰু স্বৰ্গীয় সুৰতি বালা ৰায়ৰ অতি অমায়িক তথা নম্ৰ স্বভাৱৰ সন্তান কৰণ চন্দ্ৰ ৰায়ে।

জোৱান জনে বৰ্তমান কৰ্তব্যসূত্ৰে উত্তৰ প্ৰদেশত নিয়োজিত হৈ আছিল। এমাহ আগত ছুটি শেষ কৰি ঘৰৰ পৰা পুনৰ কৰ্তব্যস্থলীত যোগদান কৰে।

ইয়াৰ কেইদিনমান পিছতেই হঠাৎ শাৰীৰিক ভাৱে অসুস্থ হৈ পৰে কৰণ। ততালিকে চিকিৎসালয়ত ভৰ্তি কৰায়  যদিও চিকিৎসালয়তেই শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে।

যোৱা নিশা সামৰিক মৰ্যাদাৰে কৰণ চন্দ্ৰ ৰায়ৰ শেষকৃত সম্পন্ন কৰা হয়।

অঞ্চলটোৰ সকলোৰে প্ৰিয় অবিবাহিত জোৱানজনে মৃত্যুৰ সময়ত পত্নী, ককায়েক, বৌৱেক, এজন ভতিজা আৰু এজনী ভাতিজিয়েক ইহসংহাৰত এৰি থৈ যায়।

কৰণৰ এনে অকাল মৃত্যুত শোকাকুল পৰিবেশৰ সৃষ্টি হয় সমগ্ৰ কাঁহিবাৰী অঞ্চলত।