NORTHEAST NOW (Assamese)
Popular Stories

ঘৰত ড্ৰাগছ উদ্ধাৰ : স্বামীসহ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিঙক আটক এনচিবিৰ

November 21, 2020 3:54 pm
index.jpg

ভাৰতীয় টেলিভিশ্যন জগতৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়াক নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যু(NCB)এ আটক কৰিছে।

NCBএ নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বেহাৰ লগত জড়িত থকাৰ সন্দৰ্ভত দুয়োকে আটক কৰিছে। ইতিমধ্যে NCBএ তেওঁলোকৰ তিনিটা বাসগৃহৰ পৰা উদ্ধাৰ কৰিছে নিষিদ্ধ ঘোষিত ড্ৰাগছ।

উল্লেখ্য যে, সুশান্ত ৰাজপুতৰ আত্মহত্যা কাণ্ডত জড়িত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত সোধা পোচা কৰিবলৈ প্রথমে NCBএ ভাৰতী আৰু তেওঁৰ স্বামীলৈ চমন প্ৰেৰণ কৰিছিল।

এনআইএ প্ৰকাশ কৰা বাতৰি অনুসৰি NCBএ সোধ পোচ কৰাৰ পিছতে তেওঁলোকৰ বাসগৃহত তালাচী চলোৱা হয়।

ইফালে পিটিআই-এ সংস্থাটোৰ এজন বিষয়াৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে এজন ড্ৰাগছ সৰবহাৰকাৰীয়ে ভাৰতী সিঙৰ নাম উল্লেখ কৰিছিল আৰু সেই সূত্ৰে ভাৰতীৰ গৃহত অভিযান চলাই NCBএ নিষিদ্ধ ঘোষিত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

NCBৰ বিষয়াজনৰ মতে ভাৰতী সিঙৰ আন দুটা বাসগৃহতো তালাচী চলাই নিষিদ্ধ ঘোষিত দ্ৰৱ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে বলিউদৰ বহু নামী দামী তাৰকাৰ বিৰুদ্ধে নিষিদ্ধ ঘোষিত ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ অভিযোগ উত্থাপন হৈছে।

আনকি কেবাজনো তাৰকাক NCBএ সোধা পোচৰ বাবে চমন প্ৰেৰণ কৰাৰ লগতে সোধ পোচৰ পিছত কেইজনামনক গ্ৰেপ্তাৰো কৰিছে। ইয়াৰ ভিতৰত অভিনেত্ৰী ৰীয়া চক্ৰৱৰ্তী অন্যতম।

দীপিকা পাডুকন, শ্ৰদ্ধা কাপুৰ, ৰাকুলপ্ৰীট সিং, চাৰা আলী খান, অৰ্জুন ৰামপাল আৰু তেওঁ আফ্ৰিকান গাৰ্লফ্ৰেইণ্ড আৰু গাৰ্লফ্ৰেইণ্ডৰ ভাৰ্তৃ আফ্ৰিকান নাগৰিক অগিছিয়াল’ছ ডেমেট্ৰিয়েলছো আছে। আফ্ৰিকান নাগৰিক অগিছিয়াল’ছক NCBএ গ্ৰেপ্তাৰ কৰি নিজা জিম্মাতে ৰাখিছে।