NORTHEAST NOW (Assamese)
Popular Stories

এবাৰ নহয় দুবাৰ! খেলৰ মাজতেই প্ৰতিপক্ষ ফুটবলাৰৰ গুপ্তাংগত দিলে হাত; ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 12:24 pm

ফুটবল মানেই যেণ ৰোমাঞ্চ, মজা আৰু বিতৰ্ক। ফুটবলাৰসকলে ফিল্ডৰ ভিতৰতেই হওক বা বাহিৰতেই হওক দৰ্শক তথা অনুৰাগী সকলক দি আহিছে বিভিন্ন ধৰণৰ আমোদ।

মেচৰ সময়ত বা অন্য সময়ত ফুটবলাৰ সকলৰ আমোদজনক কাৰ্যই সদায়েই দৃষ্টি কাঢ়িবলৈ সক্ষম হয় অনুৰাগী সকলৰ।

কিন্তু এনে কৰিবলৈ গৈ বিভিন্ন সময়ত বিভিন্ন ফুটবলাৰ তীব্ৰ বিতৰ্কৰ মাজতো সোমাই পৰে।

এইবাৰ এনে এক বিতৰ্কৰ মাজত সোমাই পৰিছে ইংলিছ ফুটবলাৰ ডাৰ্নেল ফিচাৰ। এইগৰাকী ফুটবলাৰে প্ৰতিপক্ষৰ এগৰাকী ফুটবলাৰৰ গুপ্তাংগত হাত দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এবাৰ নহয় দুবাৰকৈ গুপ্তাংগত হাত দিয়া কুকীৰ্তি স্পষ্ট ৰূপত ধৰা পৰিছে কেমেৰাত।

এই কাৰ্যৰ বাবে এতিয়া ভীষণ শাস্তিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে প্ৰেষ্টন ক্লাবৰ ফুটবলাৰগৰাকী।

উল্লেখ্য যে যোৱা শনিবাৰে ইংলেণ্ডৰ ডিপডেল ষ্টেডিয়ামত নৰ্থ এণ্ড চেম্পিয়নশ্বিপৰ এখন মেচত মুখামুখি হৈছিল প্ৰেষ্টন আৰু শ্বেফিল্ড।

এই মেচখনৰ দ্বিতীয়াৰ্ধত প্ৰেষ্টনৰ ডিফেণ্ডাৰ ডাৰ্নেল ফিচাৰে শ্বেফিল্ডৰ কালাম পিটাৰছনৰ গুপ্তাংগত হাত দিছিল। এবাৰ নহয় দুবাৰকৈ এনে কাৰ্য কৰিছিল ফিচাৰে।

কেমেৰাত এই দৃশ্য দেখা পোৱাৰ পিছত সকলোৱে এইটো অনুভৱ কৰিছে যে তেওঁ এই কুকৰ্ম ইচ্ছাকৃতভাৱে কৰিছে।

ইতিমধ্যে ছ’চিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰিছে এই ভিডিঅ’। বিষয়টোৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে ফুটবল এছ’চিয়েশ্যনৰ গভৰ্নিং বডিয়ে।

অৱশ্যে ৰেফাৰিয়ে মেচৰ সময়ত ঘটা এই ঘটনা দেখা পোৱা নাছিল বুলি জানিবলৈ দিয়ে।

এই ঘটনাই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ পিছত এতিয়া ফুটবল এছ’চিয়েশ্যনে ফিচাৰৰ বিৰুদ্ধে কেনেধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।