NORTHEAST NOW (Assamese)
অসম

টীয়কৰ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ৰ তোৰণ উন্মোচন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক November 25, 2020 2:50 pm
a Screenshot_2020-11

যোৰহাট জিলাৰ টীয়কৰ ৰাজৈ বাগান প্ৰাথমিক বিদ্যালয়ত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ চতুৰ্থ বিত্তীয় আয়োগৰ পুঁজিৰে নিৰ্মিত বিদ্যালয়ৰ তোৰণ আৰু বিদ্যালয়ৰ একাংশ পকী বেৰাৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।

উল্লেখযোগ্য যে এই বিদ্যালয়ৰ চৌহদতে প্ৰধান শিক্ষক নিৰঞ্জন ভুঞাৰ নেতৃত্বত তথা শিক্ষক কৰ্মচাৰী অভিভাৱক তথা গাঁৱৰ ৰাইজৰ সহযোগত যোৱা ২০১৬ চনৰে পৰা বিভিন্ন শাক পাচলিৰ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে খেতি কৰি জৈৱিক শাকনিবাৰী নাম দি ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ বাবে যোগান ধৰি অহা হৈছে।

এইবাৰো তাৰ ব্যতিক্ৰম নহয়,অৱশ্যে কভিডৰ বাবে গ্ৰীষ্মকালীন শস্যৰ বীজ সিঁচিব পৰা নহ’ল যদিও আজিৰ এই বিশেষ দিনটোত মধ্যাহ্ন ভোজন বিভাগৰ জিলা আঁচনি বিষয়া অৰ্পিতা দত্ত উপস্থিতীত শীতকালীন বিভিন্ন শাক পাচলিৰ বীজ সিঁচা হয়।

ছাত্ৰ ছাত্ৰীসকলক নিৰোগী খাদ্য যোগান ধৰাৰ লগতে বিভিন্ন শাক পাচলি আদিৰ  লগত চিনাকি কৰা, খেতি কৰাৰ পদ্ধতি তথা খেতিৰ ওপৰত ব্যৱহাৰিক জ্ঞান দিয়াৰ লক্ষ্যৰে এই ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে বুলি মন্তব্য কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে।