NORTHEAST NOW (Assamese)
অসম

আৰ এছ এছে গছপুলি ৰোপন আৰু জল সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কাম কৰিব লাগে : মোহন ভাগৱত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2020 7:38 am

পৰিবেশ প্ৰদূষণ ৰোধ আৰু সজাগতা সৃষ্টি সন্দৰ্ভত বৃহস্পতিবাৰে মত প্ৰকাশ কৰিছে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে।

প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ লগতে আৰ এছ এছে জল সংৰক্ষণ আৰু গছপুলি ৰোপন কৰাৰ ক্ষেত্ৰতো কাৰ্য্যপন্থা গ্ৰহণ কৰিব লাগিব বুলি বৃহস্পতিবাৰে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে কয়।

‘‘আমি যদিও পানীৰ সৃষ্টি কৰিব নোৱাৰো কিন্তু আমি নিশ্চিতভাৱে জল সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব পাৰো,’’ ভাগৱতে কয়।

আনহাতে, ক’ৰ’না মহামাৰীৰ সময়ত আৰ এছ এছে সামাজিক সম্প্ৰীতি বৃদ্ধি কৰাৰ ক্ষেত্ৰতো আৰু অধিক কাম কৰিব লাগিব বুলি মোহন ভাগৱতে লগতে কয়।

উল্লেখযোগ্য যে, ক’ৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত ঘোষণা কৰা ল’কডাউনত আৰ এছ এছৰ কাৰ্য্যকৰ্তা সকলে দেশৰ বিভিন্ন স্থানত জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়াইছিল।

যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়তে আৰ এছ এছৰ কৰ্মকৰ্তা সকলে জনসাধাৰণৰ সেৱাৰ বাবে কাম কৰি অহা বিভিন্ন স্থানত দৃষ্টিগোচৰ হৈছে।