NORTHEAST NOW (Assamese)
অসম

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত কি নতুন অভিলেখ গঢ়িলে চাহাল আৰু পাণ্ডেয়াই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2020 8:21 am

শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা শৃংখলাৰ প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত অনন্য অভিলেখৰ অধিকাৰী হয় দুই ভাৰতীয় ক্ৰিকেটাৰ য়ুবেন্দ্ৰ চাহাল আৰু হাৰ্দিক পাণ্ডেয়া।

শুকুৰবাৰে ছিডনীত অনুষ্ঠিত হোৱা খেলখনত চাহালে বৰ্তমানলৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এখন খেলত আটাইতকৈ অধিক ৰান খৰছ কৰা ভাৰতীয় স্পীনাৰ হিচাপে পৰিগণিত হয়।

চাহালে প্ৰথমখন এদিনীয়াত ১০ অভাৰ বলিং কৰি ৮৯ ৰান দি এটা উইকেট দখল কৰে।

এইক্ষেত্ৰত চাহালে নিজৰে পূৰ্বৰ অভিলেখ ভংগ কৰে। পূৰ্বে চাহালে ইংলেণ্ডৰ বিৰুদ্ধে এখন খেলত ৮৮ ৰান খৰছ কৰিছিল।

আনহাতে, একেখন খেলতে আন এক অভিলেখৰ গৰাকী হয় ভাৰতীয় দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডেয়া।

পাণ্ডেয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন খেলত আটাইতকৈ কম বলত ১০০০ ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে অভিলেখ গঢ়ে।

পাণ্ডেয়াই এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০০ ৰান সংগ্ৰহ কৰিবলৈ মাত্ৰ ৮৫৭ টা বলৰ সন্মুখিন হৈছে।

ইয়াৰ পূৰ্বে এই অভিলেখ আছিল কেডাৰ যাদৱৰ নামত। কেডাৰ যাদৱে ৯৩৭ টা বলত এই অভিলেখ গঢ়িছিল।