NORTHEAST NOW (Assamese)
অসম

বিয়াৰ পাৰ্টিত দৰাক দিলে AK–47 উপহাৰ! ভাইৰেল ভিডিঅ’ক লৈ চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2020 10:21 am
WhatsApp Image 2020-11-28 at 9.44.50 AM

চলি আছিল বিয়াৰ পাৰ্টি। সাজি কাছি বহি আছিল নৱ দম্পতি। অভ্যাগতসকলে আহি দৰা-কইনাক দেখা কৰিছে। বিভিন্নজনে আশীৰ্বাদ কৰি হাতত তুলি দিছে উপহাৰ। জনাইছে শুভেচ্ছা।

ইয়াৰ মাজতে হঠাতে দৰাৰ হাতত তুলি দিয়া হ’ল এটা এ কে-৪৭ ৰাইফল। অৱশ্যে সেয়া কাকো মাৰিবলৈ নহয়, বিয়াৰ উপহাৰহে আছিল সেইটো।

দেখাত আচৰিত যেন লাগিলেও এই বাস্তৱ ঘটনাটো ঘটিছে পাকিস্তানত। বৰ্তমান ছচিয়েল মিডিয়াত ইয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’ দেখি স্বাভাৱিকতে চকু কপালত উঠিছে দৰ্শকৰ।

জানিব পৰা মতে এইটো পাকিস্তানৰ ভিডিঅ’। ইয়াৰ সঠিক স্থান বা দৰা-কইনাৰ পৰিচয় অৱশ্যে জানিব পৰা হোৱা নাই।

ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা গৈছে যে হঠাতে এগৰাকী মহিলাই আহি দৰাৰ হাতত এটা এ কে-৪৭ ৰাইফল তুলি দিছে। কিন্তু দৰা বা কইনাই ইয়াত কোনো আশ্চৰ্য প্ৰকাশ কৰা নাই।

ৰাইফলটো হাতত তুলি দি মহিলাগৰাকীয়ে দৰাক মৰমেৰে সাৱটিও ধৰিছে। এই দৃশ্য দেখি বহুতেই মহিলাগৰাকী দৰা-কইনাৰ ঘনিষ্ঠ কোনো আত্মীয় বুলি অনুমান কৰিছে।

একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে মহিলাগৰাকী দৰাৰ শাহুৱেক।

ভিডিঅ’টো পোহৰলৈ অহাৰ পাছতে মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে। ইয়াৰ পাছতে বিভিন্নজনে সৰস মন্তব্য কৰাৰ পৰা আৰম্ভ কৰি কিছুমানে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে সমালোচনাও কৰিছে।