NORTHEAST NOW (Assamese)
অসম

মথনগুৰি সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ধৰণীধৰ দাসৰ বিপিএফত যোগদান

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস November 28, 2020 9:29 am
WhatsApp Image 2020-11-28 at 8.57.16 AM

বি টি চি পৰিষদীয় নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে অধিক আকৰ্ষনীয় হৈ পৰিছে বি টি চিৰ ৰাজনৈতিক পৰিবেশ।

আক্ৰমণ-প্ৰত্যাক্ৰমণেৰে চলিছে বি টি চিৰ নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ মাজতে ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ধৰণীধৰ দাসে শুকুৰবাৰে নিশা আনুষ্ঠানিক ভাৱে বি পি এফ দলত যোগদান কৰে।

হাউলীৰ বিপিএফৰ কাৰ্যালয়ত প্ৰায় চাৰি শতাধিক সমৰ্থকক লগত লৈ বি পি এফ দলত যোগদান কৰে ধৰণীধৰ দাসে ৷

বিপিএফৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়োৰ পৰিচালনাত অনুষ্ঠিত যোগদান সভাত ধৰণীধৰ দাসক দলত আঁকোৱালি লোৱা হয় ৷

বিপিএফ দলত যোগদান কৰি ধৰণীধৰ দাসে কয় যে, বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চতুৰ্থবাৰৰ বাবে পৰিষদ গঠন হোৱাটো নিশ্চিত ৷