NORTHEAST NOW (Assamese)
অসম

বলিউদ অভিনেতা তথা বিজেপি সাংসদ ছানী দেউল ক’ৰ’না পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 10:29 am

বলিউদৰ জনপ্ৰিয় অভিনেতা আৰু বিজেপিৰ সাংসদ ছানী দেউল ক’ভিড-১৯ত আক্ৰান্ত হৈছে। অভিনেতাগৰাকীয়ে বুধবাৰে নিজে এই কথা জানিবলৈ দিয়ে।

গুৰুদাসপুৰৰ সাংসদগৰাকীয়ে টুইটাৰযোগে এই কথা জানিবলৈ দি তেওঁৰ স্বাস্থ্য ঠিকে আছে বুলি জনায়।

ছানী দেউলে টুইটটোত লিখিছে, ‘মই ক’ৰ’না পৰীক্ষা কৰিছিলো আৰু ৰিপ’ৰ্ট পজিটিভ আহিছিল। মই কোৱাৰেণ্টাইনত আছো আৰু বৰ্তমান মোৰ স্বাস্থ্য ভাল। মই অনুৰোধ কৰো যে, যোৱা কিছুদিনত যিসকল লোক মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকে যাতে আইছ’লেশ্যনত থাকে আৰু ক’ৰ’না টেষ্ট কৰে’।

অভিনেতা তথা সাংসদগৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি হিমাচল প্ৰদেশৰ মনালীৰ এখন ব্লক চিকিৎসালয়ৰ চিকিৎসক ডাঃ ৰনজিৎ ঠাকুৰে জানিবলৈ দিয়ে।

উল্লেখ্য যে বৰ্তমান হিমাচল প্ৰদেশত চিকিৎসা চলি থকা ছানী দেউলৰ ক’ৰ’না ৰিপ’ৰ্ট যেতিয়ালৈকে নিগেটিভ নাহে তেতিয়ালৈকে তেওঁ মুম্বাইলৈ নাহে বুলি জানিব পৰা গৈছে।