NORTHEAST NOW (Assamese)
অসম

নৰ্থ ইষ্ট নাওৰ আছুতীয়া সাক্ষাৎকাৰত আবেগবিহ্বল লুৰীণজ্যোতি; অতীতমধুৰ স্মৃতি সুঁৱৰি কি ক’লে?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 3, 2020 7:53 pm

বৃহস্পতিবাৰে সদৌ  অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আনুষ্ঠানিকভাৱে বিদায় দিয়া হয় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক।

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত থকা আছুৰ মুখ্য কাৰ্য্যালয়ৰ বাকৰিত অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানত লুৰীণজ্যোতি গগৈৰ লগতে অন্যান্য পদবীত থকা বহু কেইগৰাকী প্ৰাক্তন আছু নেতাক আজি আনুষ্ঠানিকভাৱে অশ্ৰুসিক্ত নয়নৰে বিদায় দিয়ে আছুৰ সভাপতি-সাধাৰণ সম্পাদকসহ অন্যান্য ছাত্ৰ প্ৰতিনিধিসকলে।

বিদায়ী অনুষ্ঠানৰ আৱেগ বিহ্বল মুহূৰ্তত নিজৰ বক্তব্য ৰখাৰ মাজতে উচুপি উঠে লুৰীণজ্যোতি গগৈয়ে।

বিদায় সভাৰ পাছত আমাৰ সাংবাদিক কল্পজ্যোতি শইকীয়াৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক সোধা হৈছিল কেনে ধৰণৰ প্ৰত্যাহ্বানৰ মাজৰে তেওঁ আছুৰ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবী এটা চলাই নিছিল বা ভৱিষ্যত কাৰ্য্যপন্থা কি হ’ব?

উত্তৰত লুৰীণজ্যোতি গগৈয়ে কয় ‘সাধাৰণ সম্পাদকৰ দায়িত্ব লওঁতে প্ৰত্যাহ্বান থাকিবই। ছাত্ৰ সন্থা আপোচ নকৰা এটা সংগঠন। প্ৰতিক্ৰিয়া শীল বা সাম্প্ৰদায়িক শক্তিয়ে ছাত্ৰ সন্থাক কেতিয়াও বহতীয়া কৰিব নোৱাৰে। সেইবোৰ শক্তিৰ ৰঙা চকুত উঠা-বহা কৰা সংগঠন ছাত্ৰ সন্থা নহয়। প্ৰত্যাহ্বান আছিল যদিও সেয়া গ্ৰহণ কৰি এই পৰিক্ৰমা অতিক্ৰম কৰিলো। দিন-ৰাতি একাকাৰ কৰি জাতিটোক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিলো।‘

‘বিদায় সদায় বেদনাগধুৰ হয় যদিও বিদায়ৰ মাজত বহু আশা থাকে। যদিও আছুৰ পৰিয়ালৰ পৰা বিদায় তথাপি সদৌ অসম ছাত্ৰ সন্থাই দিয়া আদৰ্শ তথা জাতীয় মুলধন হাতত লৈ পৰৱৰ্তী যাত্ৰা চলিব।‘ লুৰীণে লগতে কয়।

তেওঁ আৰু কয় ‘ভৱিষ্যত কাৰ্য্যপন্থা কি হ’ব সেয়া চাৰি-পাঁচদিনৰ ভিতৰতে ৰাজহুৱা কৰিম। জাতীয় চিন্তাৰ পৰিপন্থী কামৰে কেতিয়াও পৰিচালিত নহওঁ। অসমৰ সংকটৰ সময়ত নতুন চিন্তাৰে সমাজখনক আগবঢ়াই নিয়াৰ বা দেশখনক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছো। ভৱিষ্যতে ছাত্ৰ সন্থাত কোৱা কথাৰ বিপৰীতমুখী অৱস্থান কেতিয়াও নকৰো।‘

তাৎপৰ্য্যপূৰ্ণভাৱে, লুৰীণক ভৱিষ্যতে জাতিৰ গাদ্দাৰ, বিশ্বাসঘাটক বুলি সমালোচনা কৰাৰ সুযোগ নিদিয়ে বুলি দাবী কৰি তেওঁ লগতে কয় ‘জাতীয় সংগ্ৰামত আপোচবিহীন জাতীয় সৈনিক হ’ব বিচাৰো। হিন্দু-মুছলমানৰ চৰ্চা কেতিয়াও যোগাত্মক নহয়। পৃথিৱীৰ অতি প্ৰতাপী শাসক হিটলাৰ, মুছলিনীৰ শাসনো শেষ হ’ল।‘