জাঁজী জামুগুৰি চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী উদযাপন বৰ্ষ আৰম্ভ

‘দেশত শিক্ষিত লোকৰ সংখ্যা বাঢ়িছে যদিও দেশৰ প্ৰতি দায়বদ্ধতা কমি গৈছে। ইয়াক ঠিক কৰিবলৈ হলে আমাৰ শিক্ষা ব্যৱস্থাক সলনি কৰিব লাগিব।’ এই মন্তব্য বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠানিক সম্পাদক ব্ৰহ্মাজী ৰাওৰ।
শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰিস্থিত চন্দ্ৰধৰ গগৈ শংকৰদেৱ শিশু নিকেতনৰ বুধবাৰে অনিষ্ঠিত বৰ্ষজোৰা ৰূপালী জয়ন্তীৰ উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাওৱে এই মন্তব্য কৰে।
বিদ্যালয়ৰ ৰূপালী জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি তথা জাঁজী হেম নাথ শৰ্মা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰজনী কান্ত গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় নিৰীক্ষক দেৱদাস সিংহই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ভাৰতবৰ্ষৰ পুৰণি হিন্দু সংস্কৃতিৰ ইতিহাসৰ বিষয়ে উল্লেখ কৰাৰ লগতে সংস্কৃতৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক তথা মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সমাজ শাস্ত্ৰ বিভাগৰ সহযোগী অধ্যাপক ড০ অমৰজিৎ শইকীয়াইও ভাষণ প্ৰদান কৰে। ইয়াৰ আগেয়ে বিদ্যালয়ৰ প্ৰধান আচাৰ্য ললিত শৰ্মাই অভ্যাগত সকলক আদৰণী জনায়।
কালিৰ সভাতে গজেন দত্ত আৰু নবিন দত্ত সোঁৱৰণী স্মৃতি তোৰণৰ আধাৰশীলা স্থাপন কৰে পুস্পলতা দত্ত আৰু অমিয়া দত্তই। তদুপৰি নিকেতনৰ মটৰ পৰিবহন সন্থা আৰু অভিভাৱক সকলৰ সহযোগত এটা জিৰণী কোঠাৰো আধাৰশীলা স্থাপন কৰা হয়।