NORTHEAST NOW (Assamese)
অসম

অষ্ট্ৰেলিয়াত কোভিড প’জিটিভ বিবিএলত অংশলোৱাৰ বাবে যোৱা আফগানিস্তানৰ যুৱ স্পীনাৰ মুজিবুৰ ৰহমান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2020 4:09 pm

অষ্ট্ৰেলিয়াত থকা সময়ত কোভিড প’জিটিভ হৈছে আফগানিস্তানৰ ১৯ বৰ্ষীয় স্পীনাৰ মুজিবুৰ ৰহমান।

অষ্ট্ৰেলিয়াৰ কুইলেণ্ডৰ ভোকো হোটেলত থকা সময়তে আফগানিস্তানৰ স্পীনাৰ গৰাকী কোভিড প’জিটিভ হয়।

কোভিড আক্ৰান্ত মুজিবক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বিবিএলত ব্ৰিছবেন হিটৰ হৈ অংশলোৱাৰ বাবে বিগত সপ্তাহত আফগানিস্তানৰ পৰা অষ্ট্ৰেলিয়ালৈ উৰা মাৰিছিল মুজিবুৰ ৰহমান।

অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পাছত বাধ্যতামূলক কোৱাৰেণ্টাইনত থকা সময়তে মুজিবুৰ ৰহমানৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখা দিয়ে।

পৰৱৰ্তী সময়ত মুজিবৰ কোভিড পৰীক্ষা কৰা হয় আৰু পৰীক্ষাত তেওঁৰ ফলাফল প’জিটিভ হয়।

উল্লেখযোগ্য যে, নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা পাকিস্তান ক্ৰিকেট দলটোৰো আঠগৰাকী সদস্যৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

পাকিস্তানী ক্ৰিকেট দলটোৰ সদস্যৰ শৰীৰত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ পাছত ক্ৰিকেট নিউজিলেণ্ডে দলটোৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।