NORTHEAST NOW (Assamese)
অভিমত অসম আন্ত: ৰাষ্ট্ৰীয় ক্ৰীড়া জীৱনশৈলী দেশ প্ৰাসংগিক প্ৰশ্ন
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

ত্ৰিপুৰাত ৰহিঙীয়াক আটক

Posted by: এন ই নাও নিউজ ব্যুৰো: November 29, 2017 6:27 pm

আজি ত্ৰিপুৰা আৰক্ষীয়ে ত্ৰিপুৰাৰ খায়েৰপুৰৰ পৰা ৮জন মুচলমান ৰহিঙীয়াক আটক কৰে। আটক কৰাকেইজনৰ ভিতৰত দুজন পুৰুষ, দুগৰাকী মহিলা আৰু ৪ টি কণমানি শিশু বুলি জানিব পৰা গৈছে। আটক কৰা আটাইকেইগৰাকীকে বৰ্তমান ৰাণীৰবজাৰ থানাত ৰখা হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱামতে, তেওঁলোকক সোধা-পোছা কৰি আৰু তেওঁলোকৰ হাতত থকা নথি-পত্ৰ পৰীক্ষা কৰি তেওঁলোক ম্যানমাৰৰ পৰা ভাৰতত সোমোৱা বুলি সন্দেহ কৰা হৈছে। জেৰাৰ সময়ত তেওঁলোকে আৰক্ষীৰ আগত স্বীকাৰ কৰামতে ম্যানমাৰত নিৰ্য্যাতনৰ সন্মুখীন হৈ তেওঁলোকে প্ৰথমে বাংলাদেশত আৰু তাৰ পাছত পশ্চিমবংগ হৈ ভাৰতত প্ৰৱেশ কৰিছিল আৰু কেইবছৰ মান পূৰ্বে তেওঁলোকে কাশ্মীৰলৈ গৈছিল। কিন্তু এতিয়া ত্ৰিপুৰালৈ কামৰ সন্ধানত আহিছে। তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে কয় যে লোককেইজন ৰে’লেৰে প্ৰথমে গুৱাহাটীলৈ আৰু তাৰ পৰা বাছেৰে ত্ৰিপুৰালৈ কামৰ সন্ধানত আহিছে।

Apply Now
← Previousউচটনিমূলক মন্তব্য দি বিপদত এ আই য়ু ডি… Next →ত্ৰিপুৰাৰ সাংবাদিক হত্যাক গৰিহণা ইউনেস্কোৰ

You may also like

অসম

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন সোণৰ পদক বিজয়ী আৰ্চাৰ গহেলা বড়ো

ছালৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সোণৰ পদক বিজয়ী আৰ্চাৰ গহেলা বড়োৰ চিকিৎসাৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব বিটিচি পৰিষদীয় চৰকাৰখনে৷…

ৰিনয় বসুমতাৰী · June 7, 2021 3:13 pm
অসম

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে সাজু ডিমা হাচাও প্ৰশাসন

দেশৰ সাধাৰণ নিৰ্বাচন লৈ সম্পূৰ্ণভাৱে সাজু হৈছে ডিমা হাচাও জিলা প্ৰশাসন। অহা ১৮ এপ্ৰিলত  দ্বিতীয় পৰ্যায়ত ডিমা হাচাও জিলাত অনুষ্ঠিত হ’ব  ভোট…

পংকজকুমাৰ দেব · April 9, 2019 8:11 pm
অসম

কমনৱেল্‌থ গেইমছ : মণিপুৰৰ আন এগৰাকী খেলুৱৈ চৰিতা দেৱী কোৱাৰ্টাৰ ফাইনেলত

চলিত কমনৱেল্‌থ গেইমছত ভাৰতক জিলিকাই ৰাখিছে মণিপুৰৰ মহিলাই। এই পৰ্য্যন্ত ভাৰতে পোৱা পাঁচটা স্বৰ্ণপদকৰ দুটাই আনি দিছে মণিপুৰৰ মহিলা খেলুৱৈয়ে। ভাৰতৰ প্ৰথমটো…

এন ই নাও নিউজ · April 7, 2018 8:34 pm
অসম

গুজৰাটত বিজেপিয়ে বাদ দিলে ২০১৭ৰ আধা প্ৰাৰ্থীৰ নাম; বাদ পৰিল কেবিনেট মন্ত্ৰী, প্ৰথম মহিলা অধ্যক্ষ

BJP drops about half of 2017 candidates in Gujarat ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ…

এন ই নাও নিউজ, গুৱাহাটী · November 11, 2022 9:23 am
NORTHEAST NOW (Assamese) © 2026