NORTHEAST NOW (Assamese)
Popular Stories

হোৱাইট ৱাশ্বৰ লক্ষ্যৰে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিম টি-২০ত অৱতীৰ্ণ হ’ব ভাৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 8, 2020 10:17 am

অষ্ট্রেলিয়াক নিজৰ ভূমিত হোৱাইট ৱাশ্ব কৰাৰ লক্ষ্যৰে আজি টি-২০ শৃংখলাৰ অন্তিমখন মেচত অৱতীৰ্ণ হ’ব বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দল।

ইতিমধ্যে ২-০ত টি-২০ শৃংখলা দখল কৰিছে ভাৰতে।

এদিনীয়া শৃংখলাৰ প্ৰথম দুখন মেচ পৰাস্ত হৈ শৃংখলা হেৰুওৱাৰ পিছত ভাৰতে অষ্ট্ৰেলিয়া দলক ক্ৰমাগতভাৱে তিনিখন মেচত পৰাস্ত কৰি আজি চতুৰ্থটো জয় সাব্যস্তৰ লক্ষ্যৰে ফিল্ডত নামিব।

অলৰাউণ্ডাৰ ৰবিন্দ্ৰ জাদেজা, হাৰ্দিক পাণ্ডিয়া নৱাগত বলাৰ টি নটৰাজনৰ চকুত লগা প্রদর্শনৰ সুবাদতে ভাৰতে প্রথম দুখন টি-২০ জয়ী হ’বলৈ সক্ষম হৈছে।

বৰ্তমান জাদেজা আঘাতৰ বাবে দ্বিতীয় আৰু তৃতীয়খন টি-২০ৰ পৰা দলৰ বাহিৰত আছে।

ইফালে অষ্ট্ৰেলিয়াৰ নিয়মীয়া অধিনায়ক এৰন ফিন্স, ডেভিদ ৱাৰ্নাৰ, মিচেল ষ্টার্ক, পেট কমিনছ আৰু জ’ছ হেজেলউডক আগন্তুক টেষ্ট শৃংখলাৰ বাবে দলে জিৰণি দিয়াত দলটোত যথেষ্ট প্রভাৱ পৰিছে বুলি অনুভৱ কৰে বিশেষজ্ঞসকলে।

যদিহে ভাৰতে টি-২০ শৃংখলাত অষ্ট্রেলিয়া দলক হোৱাইট ৱাশ্ব কৰিব পাৰে তেন্তে আগন্তুক চাৰিখনীয়া টেষ্ট শৃংখলাত দলটোৰ মনোবল যথেষ্ট পৰিমানে বৃদ্ধি পাব।

উল্লেখ্য যে টেষ্ট শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে আজিৰ মেচত বেগী বলাৰ মহম্মদ ছামী আৰু যশপ্ৰীত বুমৰাহক জিৰণি দিয়াৰ সম্ভাৱনা আছে।