NORTHEAST NOW (Assamese)
Popular Stories

ঘোচখোৰ বিষয়াৰ কাণ্ড! উৎকোচ নাপাই ভুক্তভোগীক দিলে মৃত পত্নীৰ সলনি জীৱিত স্বামীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2025 8:17 pm

আবেদনকাৰীয়ে উৎকোচ নিদিলে। সেই খঙতে মৃত পত্নীৰ সলনি আবেদনকাৰীয়ে স্বামী, পঞ্চায়ত বিষয়াৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বনাই দিলে! শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ হৰদয় জিলাত সংঘটিত হৈছে এই ঘটনা। জিলা দণ্ডাধীশৰ নিৰ্দেশত বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে, ১৯ ডিচেম্বৰত কলোয়ান উন্নয়ন খণ্ডৰ বাসিন্দা বিশ্বনাথৰ পত্নী শান্তি দেৱীৰ মৃত্যু হয়। কিন্তু পত্নীৰ মৃত্যুৰ প্ৰমাণ পত্ৰ বনাবলৈ পঞ্চায়ত কাৰ্যালয়লৈ যোৱাটো এটা বাধা হৈ পৰিছিল। অভিযোগ অনুসৰি গ্ৰাম পঞ্চায়ত বিষয়া সৰিতা দেৱীয়ে প্ৰমাণ পত্ৰ বনোৱাৰ বাবে বিশ্বনাথৰ পৰা দুহাজাৰ টকাৰ উৎকোচ বিচাৰিছিল। সেই ধন দিব নোৱাৰাৰ বাবে বিশ্বনাথে প্ৰমাণ পত্ৰৰ বাবে কেইবাদিনো যাত্ৰা কৰিবলগীয়া হৈছিল। বহু দ্বিধাবোধৰ অন্তত অৱশেষত ৩১ ডিচেম্বৰত তেওঁৰ আবেদন গ্ৰহণ কৰা হয়। ইয়াৰ পাছত চলিত বৰ্ষৰ ৩ জানুৱাৰীত বিশ্বনাথৰ নামত মৃত্যুৰ প্ৰমাণ পত্ৰ তৈয়াৰ কৰি পঞ্চায়তৰ বিষয়াজনে তেওঁক গতাই দিয়ে!

মৃত্যুৰ প্ৰমাণ পত্ৰ লাভ কৰি বিশ্বনাথ আচৰিত হৈ পৰিল। ইয়াৰ পিছত তেওঁ জিলা দণ্ডাধীশৰ কাষ চাপিছিল। অভিযোগৰ ভিত্তিত তদন্তৰ নিৰ্দেশ দিছে জিলা দণ্ডাধীশে। সমগ্ৰ বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। লগতে তেওঁ এডিঅৰ পৰাও তদন্তৰ প্ৰতিবেদন বিচাৰিছে।