NORTHEAST NOW (Assamese)
Popular Stories

উমৰাংছুৰ ঘটনাস্থলীত অসম প্ৰদেশ কংগ্ৰেছৰ দল, উচ্চ পৰ্যায়ৰ তদন্ত দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2025 8:36 pm

উমৰাংছুৰ কয়লা খনিত অবৈধ খনন চলাবলৈ অনুমতি দিয়া ৰজাঘৰীয়াৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ৰজাঘৰৰ আশীৰ্বাদ নাথাকিলে এনেদৰে অবৈধ কয়লা খনন সম্ভৱ নহয় বুলি আজি অভিযোগ কৰিছে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ যোৱা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে।

এক বিবৃতিত কংগ্ৰেছ নেতাজনে কয় যে সমগ্ৰ ঘটনা ইমানেই মৰ্মস্পৰ্শী যে এতিয়ালৈকে আৱদ্ধ শ্ৰমিকৰ এটা মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। পেটৰ তাড়নাত জীৱিকাৰ সন্ধানত কয়লা খনিত কাম কৰা এই শ্ৰমিকসকলক কোনো সুৰক্ষা ব্যৱস্থা নথকাকৈ কাম কৰোৱা হৈছিল। এই অবৈধ খনিৰ লগত বিজেপি নেতা দেৱলাল গাৰ্লোছা আৰু তেওঁৰ পত্নী কণিকা হোজাইৰ নাম জড়িত হৈ আছে বুলি উল্লেখ কৰি শিকদাৰে কয় যে দোষীয়ে শাস্তি নোপোৱালৈকে কংগ্ৰেছ দল শান্ত নহয়। জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে অধিক তৎপৰতাৰে উদ্ধাৰ প্ৰক্ৰিয়া কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে এই ঘটনাত আহত আৰু নিহত লোকসকলৰ পৰিয়ালক সঠিকভাৱে ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

কংগ্ৰেছৰ প্ৰতিনিধি দলটোত উপ-সভাপতি নৃপেন তালুকদাৰ, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, বিধায়ক ৰশ্বিদ মণ্ডল, সম্পাদক শান্তনু শৰ্মা আৰু ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতিগৰাকী উপস্থিত থাকে।