NORTHEAST NOW (Assamese)
অসম

গৰ্ভৱতী কৰিণা কাপুৰৰ ঘৰৰ গেটত পাপাৰাৎজীৰ গোপন কেমেৰা! বন্দী হ’ল ভিডিঅ’,তাৰপিছত…

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 10, 2020 5:17 pm
a saif_ali_khan_shocked

বলীউডৰ চৰ্চিত অভিনেত্ৰী কৰিণা কাপুৰ পুনৰ মাক হবলৈ ওলাইছে।

এই খবৰ বিয়পি পৰাৰ পিছৰে পৰা লোকৰ ঘৰৰ ভিতৰুৱা  কথা খুচৰি ফুৰা পাপাৰাৎজীসকল ব্যস্ত হৈ পৰিছে ছাইফ-কৰিণাৰ শেহতীয়া ছবি সংগ্ৰহৰ প্ৰতিযোগিতাত।

এনেয়ে কেমেৰাৰ সন্মুখলৈ আহিবলৈ মুঠেও বেয়া নাপায় কৰিণা আৰু ছাইফ আলি খানে। কিন্তু গৰ্ভৱতী হোৱাৰ পিছত কৰিণা পৰাপক্ষত সাংবাদিকৰ কেমেৰাৰ সন্মুখলৈ আহিবলৈ বিশেষ ইচ্ছা কৰা নাই।

সেয়ে ছাইফ-কৰিণাৰ বিভিন্ন মুহূৰ্তৰ ছবি কেমেৰাত বন্দী কৰিবলৈ পাপাৰাৎজীসকলে কৰিণা কাপুৰৰ ঘৰৰ গেটতে লগাই থলে গোপন কেমেৰা।

বুধবাৰে বাহিৰৰ পৰা ঘূৰি-পকি আহি ঘৰৰ গেট খুলিবলৈ গৈ ছাইফে মন কৰিলে যে তেওঁলোকৰ ঘৰৰ গেটৰ এঠাইত গোপন কেমেৰা লগাই থোৱা হৈছে।

 

View this post on Instagram

 

A post shared by Bollywood Pap (@bollywoodpap)

খঙত টিঙিৰি তুলা হৈ পৰা ছাইফে লগে লগে ঘৰৰ ভিতৰলৈ সোমাই যায়।লগে লগে গেটৰ পৰা গোপন কেমেৰা আঁতৰাই পেলোৱাৰ ব্যৱস্থা কৰা হয় যদিও ইতিমধ্যে পাপাৰাৎজীয়ে কেমৰোত বন্দী দৃশ্য সংগ্ৰহ কৰি লবলৈ সক্ষম হয়।।

পাপাৰাৎজীৰ হাতৰ পৰা ৰেহাই নাপালে কৰিণাই।

গোপন কেমেৰাত  পাপাৰাৎজীয়ে কৰিণাৰ গাড়ীৰ পৰা নামি অহা ভিডিঅ’ সংগ্ৰহ কৰি সেয়া ভাইৰেল কৰিছে।ইমানৰ পিছতো অৱশ্যে কোনো খং কৰা নাই কৰিণাই।

পাপাৰাৎজীয়ে গোপনে ভিডিঅ’ সংগ্ৰহ কৰাৰ কথা জানিও কৰিণাই হাত জোকাৰি সম্ভাষণ জনোৱাহে দেখা গৈছে। ইয়াৰ বিপৰীতে বিষয়টোকলৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে ছাইফে।