NORTHEAST NOW (Assamese)
অসম

সাৱধান!, কেৰালাত নতুন প্ৰজাতিৰ মেলেৰিয়াৰ আবিৰ্ভাৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2020 4:26 pm

কেৰালাত মেলেৰিয়াৰ নতুন প্ৰজাতি ধৰা পৰিছে।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই শুকুৰবাৰে মেলাৰিয়াৰ নতুন জিন, প্লাজম’দিয়াম অভেল ৰাজ্যখনত চিনাক্ত হৈছে বুলি ঘোষণা কৰে।

চুডানৰ পৰা উভতি অহা এগৰাকী সেনা জোৱানৰ শৰীৰত এই নতুন ধৰণৰ মেৰেলিয়াৰ লক্ষণ ধৰা পৰিছে বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

বৰ্তমান সেনা জোৱান গৰাকীক কুন্নাৰ জিলা হস্পিটেলত চিকিৎসা কৰি থকা হৈছে।

‘‘নতুন প্ৰজাতিৰ মেলেৰিয়াৰ সংক্ৰমণ সঠিক সময়ত চিকিৎসা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিলে ৰোধ কৰিব পৰা যাব,’’ স্বাস্থ্য মন্ত্ৰী শৈলজাই পুনৰ কয়।

উল্লেখযোগ্য যে, মেলেৰিয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষই গ্ৰহণ কৰা কাৰ্য্যপন্থাক বিশ্ব স্বাস্থ্য সংস্থাই প্ৰশংসা কৰিছিল।

আনহাতে, কোভিডৰ সংক্ৰমণৰ সময়তো কেৰালাৰ স্বাস্থ্য বিভাগে দেখুওৱা কৰ্মপদ্ধতিক বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে অন্যান্য স্বাস্থ্য সংস্থা সমূহে উচ্চ প্ৰশংসা কৰিছিল।