NORTHEAST NOW (Assamese)
অসম

নগাঁৱত চোৰৰ নৃশংসতা: গৃহস্থ সাৰ পোৱাৰ বাবেই মহিলাৰ বুকুত বহুৱালে চিপৰাং

Posted by: মুৰলী বৰুৱা Updated by: মুৰলী বৰুৱা December 11, 2020 8:36 pm
a IMG_20201211_194913

নগাঁও আৰক্ষীক অস্তিত্বহীন কৰি তুলি  চহৰ খনত চোৰৰ দলে ইটোৰ পাছত সিটোকৈ চুৰি কাৰ্য সংঘটিত কৰি গৈছে।

ফলত চোৰৰ উপদ্ৰপৰ আশংকাতেই বিভিন্ন লোকে বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে।

কিছুদিন পূৰ্বে চহৰ খনৰ খুটিকটীয়াত চোৰৰ দলে এঘৰত লুটপাত চলাই ঘৰটোৰ ওপৰ মহলাত অগ্নিসংযোগ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ চোৰে গৃহস্থৰ বুকুত চিপৰাং বহুৱাই ভয়ংকৰ আক্ৰমণ কৰাৰ আন এক ঘটনা সংঘটিত হৈছে।

চুৰি কৰিবলৈ আহোঁতে গৃহস্থ সাৰ পোৱাৰ বাবেই এগৰাকী মহিলাৰ বুকুত চোৰে  চিপৰাং বহুৱাই দিয়াৰ এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিত।

জানিব পৰা মতে, এলফিনষ্টন চাৰিআলিৰ ৰফিকুল ইছলাম নামৰ ব্যৱসায়ী গৰাকীৰ ঘৰত আজি পুৱতি নিশা এটা দুৰ্বৃত্তই চুৰি কাৰ্য সংঘটিত কৰিবলৈ দুৱাৰ ভঙাৰ চেষ্টা চলাই থাকোতেই গৃহস্থ সাৰ পায়।

ইয়াৰ পাছত ৰফিকুল ইছলামৰ পত্নী আখতাৰা বেগমে(২৫) বাহিৰত কি শব্দ হৈছে তাৰ বুজ ল’বলৈ বুলি দুৱাৰ মুখলৈ যোৱাত চোৰে আখতাৰা বেগমৰ বুকুত চিপৰাং বহুৱাই আক্ৰমণ কৰে।

ইয়াৰ পিছতে মহিলা গৰাকীৰ স্বামী ৰফিকুল ইছলামে অতি সাহসেৰে চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ধৃত চোৰটো শিয়ালমাৰীৰ ইব্ৰাহিম আলি বুলি চিনাক্ত কৰা হৈছে।

পিছত স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই ধৃত চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে।

ইফালে, চোৰটোৰ এই ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।