NORTHEAST NOW (Assamese)
অসম

দেউতাৰ মন্তব্যত দুঃখিত; কৃষকক সমৰ্থন কৰিলেও পিতৃৰ সৈতে একমত নহয় যুৱৰাজ সিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2020 11:03 am

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙে কৃষকৰ প্ৰতিবাদৰ সময়ত পিতৃয়ে আগবঢ়োৱা মন্তব্যত দু:খিত বুলি উল্লেখ কৰি সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে, দিল্লীত চলি থকা কৃষকৰ প্ৰতিবাদৰ সময়ত যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙে কৃষক প্ৰতিবাদক সমৰ্থন কৰি কেন্দ্ৰই শীঘ্ৰে কৃষক সকলৰ দাবী সমূহ সমাধান কৰিব লাগে বুলি মন্তব্য কৰিছিল।

ইপিনে, কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰি ক্ৰীড়া পুৰস্কাৰ ঘুৰাই দিয়া ক্ৰীড়াবিদ সকলৰ সিদ্ধান্তকো যোগৰাজ সিঙে সমৰ্থন কৰি যোগৰাজ সিঙে সেই সিদ্ধান্ত প্ৰশংসাৰ যোগ্য বুলি কয়।

যুৱৰাজ সিঙে টুইটাৰযোগে কৃষক আন্দোলন সম্পৰ্কত নিজৰ মনোভাৱ প্ৰকাশ কৰি পিতৃৰ মন্তব্য সন্দৰ্ভতো তেওঁ দু:খিত বুলি কয়।

‘‘মোৰ ইচ্ছা কেন্দ্ৰ আৰু কৃষক সকলৰ মাজৰ আলোচনাত শীঘ্ৰে সমাধান সূত্ৰ ওলাওক। ক’ৰ’নাৰ বিৰুদ্ধে অব্যাহত থকা যুদ্ধখনতো সকলোৱে সচেতনতা অৱলম্বন কৰাৰ বাবে অনুৰোধ জনাইছো। কৃষক আন্দোলনৰ মঞ্চৰ পৰা যোগৰাজ সিঙে যি মন্তব্য আগবঢ়াইছে তাৰবাবে মই দু:খিত, সেয়া তেওঁৰ ব্যক্তিগত মন্তব্য,’’ যুৱৰাজ সিঙে টুইটাৰত এইদৰে লিখে।

কৃষক আন্দোলনক সমৰ্থন জনাই পঞ্জাৱ আৰু হাৰিয়ানাৰ বহুকেইগৰাকী ক্ৰীড়াবিদে চৰকাৰে প্ৰদান কৰা পুৰস্কাৰ ঘুৰাই দিছে।

তাৰকা বক্সাৰ বিজেন্দাৰ সিঙেও নতুন কৃষি আইন বাতিল নকৰিলে ভাৰত চৰকাৰে প্ৰদান কৰা পুৰস্কাৰ ঘুৰাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে।