NORTHEAST NOW (Assamese)
অসম

ক্ষান্ত নহয় কৃষক বিক্ষোভ! ১৪ ডিচেম্বৰত অনশনৰ আহ্বান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2020 11:46 am
farmers protest

ক্ৰমে আৰু সংগঠিত ৰূপত আগবাঢ়িছে কৃষক বিক্ষোভ। এইবাৰ ১৪ ডিচেম্বৰত দিল্লীৰ সিংঘু সীমান্তত বহি অনশন আন্দোলনৰ আহ্বান জনাইছে কৃষকসকলে।

কেন্দ্ৰৰ সৈতে কেইবালানিও আলোচনাত কোনো সমাধান সূত্ৰ নোলোৱাত এইবাৰ অনশন কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে বিক্ষোভকাৰী কৃষকসকলে।

যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবী মানি নলয় তেতিয়ালৈকে আন্দোলন চলাই যাব বুলি জানিব দিছে বিদ্ৰোহী কৃষকসকল।

আনহাতে, দেওবাৰে ৰাজস্থানৰ ছাহজাহানপুৰৰ পৰা পুৱা ১১বজাত ট্ৰেক্টৰ মাৰ্চৰ কৰা হৈছে।

বিগত ১৭দিন ধৰি কমেও ১২ লাখ কৃষকে অৱৰোধ কাৰ্যসূচী পালন কৰি আছে। সেইদৰে কৃষক আন্দোলনত যোগ দিবলৈ আৰু লক্ষাধিক কৃষক অহা দাবী কৰিছে কৃষক সংগঠনসমূহে।

বিক্ষোভকাৰীসকলে হুংকাৰ দিছে যে চৰকাৰে আইন তিনিখন বাতিল নকৰিলে দেশজুৰি ৰে’ল অৱৰোধ আৰু টোল প্লাজা অৱৰোধ অব্যাহত ৰাখিব।

ইতিমধ্যে হৈ যোৱা  ভাৰত বন্ধৰ প্ৰভাৱে চৰকাৰক চিন্তাত পেলাইছে।

ইপিনে, বিক্ষোভে দিল্লী কঁপোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ খুটি লৰা নাই। চৰকাৰ আৰু বিৰোধী কৃষকসকলৰ মাজত স্থিতি অলৰ হৈ থকাৰ বাবে পৰিস্থিতি ক্ৰমাৎ অধিক নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে।