NORTHEAST NOW (Assamese)
অসম

বোকাখাতত গণশিল্পী হেমাংগ বিশ্বাসৰ জন্ম দিৱস উদযাপন; গীতে-মাতে শ্ৰদ্ধাঞ্জলি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 15, 2020 9:59 am

বোকাখাতৰ জাতীয় বিদ্যালয় প্ৰাংগণত ১৪ ডিচেম্বৰৰ দিনা ভাৰতীয় গণ নাট্য সংঘ আৰু প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত গণ শিল্পী হেমাংগ বিশ্বাসৰ ওপজা দিনত হেমাঙ্গ সোঁৱৰণ নামৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানৰ আৰম্ভণিতেই বোকাখাত জাতীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ বাৰ্ষিক প্ৰাচীৰ পত্ৰিকা ‘উন্মেষ’ উন্মোচন কৰা হয়।উন্মোচন কৰে নাট্যকাৰ কবি অমৰ শৰ্মাই।

পল্লৱ হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কৰে বিদ্যালয়খনৰ অধ্যক্ষ তথা বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক গোবিন দলেই।

অনুষ্ঠানত ‘গণ শিল্পী হেমাংগ বিশ্বাস’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে সাহিত্যিক নিজৰা বৰঠাকুৰে।

অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ধনেশ্বৰ শইকীয়া ওজাই হেমাঙ্গ বিশ্বাসক সোঁৱৰণ কৰি ঢোলৰ মালিতাৰে শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে শিল্পী হেমাংগ বিশ্বাস সম্পৰ্কত বক্তব্যও প্ৰদান কৰে।

অনুষ্ঠানটোত হেমাংগ বিশ্বাসৰ গীত পৰিবেশন কৰে কণ্ঠশিল্পী ড° বৰ্ণালী বৰুৱা আৰু শিশু শিল্পী ইমন কল্যানে।

হেমাংগ বিশ্বাসৰ বিখ্যাত কবিতা কুলখুড়াৰ চোতাল আবৃত্তি কৰে চিলমিল সপোনে আৰু কমৰেড ৰত্নেশ্বৰ ৰাভা আবৃত্তি কৰে গীতা ৰাজখোৱাই।

হেমাংগ সোঁৱৰণ নামক এই অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ইঞ্জু আহমেদ আৰু অধ্যপক মনালিছা শইকীয়াই বক্তব্য আগবঢ়ায়।

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত বিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।