NORTHEAST NOW (Assamese)
Popular Stories

কৃষকে বিষপান কৰাটো কেতিয়াও চিন্তাৰ বিষয় নহয় কিন্তু পিজ্জা খোৱাটোহে বাতৰি : দিলজিৎ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 11:12 am

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে যোৱা ২০ দিন ধৰি ধাৰাবাহিকভাৱে দিল্লী সীমান্তৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ সমৰ্থনত পুনৰ এবাৰ মাত দিছে অভিনেতা-গায়ক দিলজিৎ দোছাঞ্জে।

আচলতে, যোৱা সপ্তাহত প্ৰতিবাদকাৰী কৃষকসকলৰ মাজত বিতৰণ কৰা হৈছিল পিজ্জা আৰু এই ফটো ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত।

কৃষক প্ৰতিবাদক সমৰ্থন নকৰা বিজেপি আৰু নৰেন্দ্ৰ মোদীৰ একাংশ সমৰ্থকে এই ফটো সমূহ সামাজিক মাধ্যমত শ্বেয়াৰ কৰি কৃষকৰ প্ৰতিবাদ হাইজেক হোৱা বুলি অভিযোগ কৰিছিল।

চৰকাৰৰ পক্ষত থকা বহুতো লোকে এয়া প্ৰতিবাদ নে ফাইভষ্টাৰ স্পা বুলিও ছ’চিয়েল মিডিয়াত বিক্ষোভ প্ৰদৰ্শন কৰি থকা কৃষকসকলক ইতিকিং কৰা পৰিলক্ষিত হয়।

ছ’চিয়েল মিডিয়াত এনেবোৰ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে দিলজিৎ দোছাঞ্জে সমালোচক সকলক উভতি ধৰিছে এটা টুইটেৰে।

টুইটটোত তেওঁ লিখিছে, ‘কৃষকে বিষপান কৰাটো কেতিয়াও চিন্তাৰ বিষয় নহয় কিন্তু পিজ্জা খোৱাটো বাতৰি হৈ গ’ল’।

উল্লেখ্য যে, যোৱা সপ্তাহত দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্তত চৰকাৰৰ বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ মাজত পিজ্জা বিতৰণ কৰিছিল।

কৃষকৰ প্ৰতিবাদক সমালোচনা কৰা লোকসকলক বহুতে উভতি ধৰি কয় যে যেতিয়া দেশৰ কৃষকসকলে ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰে তেতিয়া আপোনালোকৰ ছ’চিয়েল মিডিয়াৰ একাউণ্টবোৰ কি হয়।

স্মৰ্তব্য যে, দিলজিতে বিক্ষোভ সাৱ্যস্ত কৰি থকা কৃষকসকলৰ শীতৰ কাপোৰ ছুৱেটাৰ, কম্বল আদি কিনি দিয়াৰ ব্যৱস্থা কৰিবলৈ ১ কোটি টকা দান কৰে।