NORTHEAST NOW (Assamese)
অসম

১৯৭১ চনৰ যুদ্ধৰ নায়ক সকললৈ শ্ৰদ্ধা, আন্তঃৰাষ্ট্ৰীয় সীমান্তত ১১ ঘণ্টাত ১৮০ কিলোমিটাৰ দূৰত্ব দৌৰিলে বিএছএফৰ জোৱানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 1:26 pm

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ জোৱান সকলক সন্মান জনোৱাৰ উদ্দেশ্যে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে একেৰাহে ১৮০ কিলোমিটাৰ দূৰত্ব দৌৰে।

মাত্ৰ ১১ ঘণ্টাৰ ভিতৰত ১৮০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলে ১৯৭১ চনৰ যুদ্ধৰ নায়ক সকলক সন্মান প্ৰদৰ্শন কৰে।

ৰাজস্থানৰ বিকানেৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ৯৩০ গৰাকী ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে(পুৰুষ আৰু মহিলা)মাজৰাতি এই দৌৰত অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই টুইটাৰ যোগে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলে ১৯৭১ চনৰ যুদ্ধৰ নায়ক সকলক সন্মান প্ৰদৰ্শন কৰাৰ বাবে দৌৰা কাৰ্য্যক প্ৰশংসা কৰে।

ৰিজিজুই টুইটাৰত বিএছএফৰ ব্যতিক্ৰমী ধৰণে সন্মান প্ৰদৰ্শন কৰা এই কাৰ্য্যৰ বিষয়ে টুইটাৰত উল্লেখ কৰাৰ পাছতে বিভিন্ন লোকে বিএছএফৰ জোৱান সকলক উচ্চ প্ৰশংসা কৰে।

মাত্ৰ ১১ ঘণ্টাৰ ভিতৰত ১৮০ কিলোমিটাৰ দূৰত্ব দৌৰি অতিক্ৰম কৰা বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে বিএছএফৰ জোৱান সকলৰ সৌৰ্য্য-বীৰ্য্যৰো গুণগান কৰে।