NORTHEAST NOW (Assamese)
অসম

অসমত কোভিডৰ সংক্ৰমণত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ১০০৪ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2020 8:24 am

অসমত মঙলবাৰৰ দিনটোত কোভিডৰ সংক্ৰমণৰ ফলত নতুনকৈ এগৰাকী লোকৰ মৃত্যু হয়।

ইয়াৰ ফলত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০৪ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিশা টুইটাৰযোগে এইকথা প্ৰকাশ কৰে।

মঙলবাৰে মৃত্যু হোৱা কোভিড আক্ৰান্ত ব্যক্তি গৰাকী হৈছে কাছাৰ জিলাৰ বিধু ভূষম দেৱ(৬২)।

আনহাতে, অসমত মঙলবাৰৰ দিনটোত নতুনকৈ ১৪২ গৰাকী লোক কোভিড প’জিটিভ হয়। স্বাস্থ্য বিভাগে কৰা মুঠ ১৬২৮৫ টা কোভিড পৰীক্ষাৰ ভিতৰত ১৪২ গৰাকী ব্যক্তি কোভিড প’জিটিভ হয়।

মঙলবাৰে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৪৯ গৰাকী ব্যক্তি কোভিড প’জিটিভ হয়।

ইপিনে, মঙলবাৰে ৰাজ্যৰ বিভিন্ন কোভিড কেন্দ্ৰৰ পৰা মুঠ ১০২ গৰাকী ব্যক্তিক কোভিড মুক্ত ঘোষণা কৰা হয়।

অসমত বৰ্তমানলৈ মুঠ ২১৪৯৪৫ গৰাকী ব্যক্তি কোভিড সংক্ৰমিত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত ২১০৩৯৮ গৰাকী ব্যক্তি কোভিডৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।

ৰাজ্যত বৰ্তমান ৩৫৪০ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।