NORTHEAST NOW (Assamese)
অসম

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : ক্ৰমশঃ বৃদ্ধি ভোটদানৰ হাৰ, বিয়লিলৈ ৫৮ শতাংশ ভোটদান

Posted by: চানু গগৈ Updated by: চানু গগৈ December 17, 2020 2:19 pm
WhatsApp Image 2020-12-10 at 4.03.59 PM

আজি পুৱাৰে পৰা ভোটদান প্ৰক্ৰিায় আৰম্ভ হৈছে তিৱা স্বায়্ত্ত পৰিষদৰ নিৰ্বাচনৰ।

পুৱা ৭.৩০ বজাৰ আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াত দুপৰীয়াতকৈ বিয়লিলৈ ভোটদান হাৰ বৃদ্ধি পাইছে।

জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি দুপৰীয়া ১১.৩০ বজালৈকে তিৱা স্বায়ত্ত শাসিত পৰিষদত ভোট গড় হাৰ  আছিল ৩৪ শতাংশ। আনহাতে ১.৩০ বজাত ভোটদানৰ হাৰ ৫৮ লৈ বৃদ্ধি হৈছে।

জমাদাৰী সমষ্টিত সৰ্বাধিক ৬৪ শতাংশ ভোটদান হোৱাৰ পৰিৱৰ্তে নখোলা সমষ্টি সৰ্বনিম্ন ৪৯ শতাংশ ভোটদান হৈছে।

উল্লেখ্য যে মুঠ ৩৬ টা পৰিষদীয় সমষ্টি ক্ৰমে মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ(মহানগৰ)ৰ চাৰিখন জিলাৰ সৰ্বমূঠ ৪০৪ টা ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ভোটাৰ ৰাইজে।

৪,৩৩,১৮৩ জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ২১,৮২৪০ জন আৰু মহিলা ভোটাৰৰ হ’ল ২১,৪৯৪২গৰাকী। তাৰে এগৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে।

আনহাতে মৰিগাঁও জিলাত ১৯ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা কথা আছিল যদিও ১৪ নং গোভা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে।সেয়ে সম্প্ৰতি ১৮ টা সমষ্টিত পৰিষদীয় নিৰ্বাচনৰ ভোটদান সম্পন্ন হৈছে।

ইফালে নিৰ্বাচনটো সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ মৰিগাঁও নিৰ্বাচনী বিভাগ আৰু জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তুলা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।