NORTHEAST NOW (Assamese)
অসম

৩৬ ৰানত অলআউট; টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বনিম্ন স্কোৰৰ নতুন অভিলেখ ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2020 11:19 am

টেষ্ট ক্ৰিকেট ইতিহাসত সৰ্বনিম্ন ৰানৰ নতুন অভিলেখ গঢ়িলে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এডিলেইটত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতীয় দলটোৱে শোচনীয় বেটিং প্ৰদৰ্শনেৰে মাত্ৰ ৩৬ ৰানত ইনিংছ সামৰি টেষ্ট ক্ৰিকেট ইতিহাসত নতুন অভিলেখ গঢ়ে।

এয়া হৈছে ভাৰতৰ টেষ্ট ক্ৰিকেটত সৰ্বনিম্ন স্কোৰ। অৱশ্যে এতিয়াও নিউজিলেণ্ডৰ ২৬ ৰানৰ সৰ্বনিম্ন ৰানৰ অভিলেখ অক্ষত আছে।

ইয়াৰ পূৰ্বে ১৯৭৪ চনত লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় ইনিংছত ভাৰতীয় দলে সংগ্ৰহ কৰা ৪২ ৰান আছিল ভাৰতৰ টেষ্ট ক্ৰিকেটত সৰ্বনিম্ন স্কোৰ।

আজি দ্বিতীয় ইনিংছত ভাৰতীয় ক্ৰিকেট দলটোৰ কোনো এগৰাকী বেটছমেনেও দুটা দহকৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে।

ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন সকলৰ ৰান আছিল এনেধৰণৰ- পৃথ্বি শ্ব (৪), মায়াংক আগৰৱাল(৯), জাচপ্ৰীত বুমৰাহ(২), চেতেশ্বৰ পূজাৰা(০), বিৰাট কোহলী(৪), আজিংক ৰাহানে(০), হনুমা বিহাৰী(৮), ঋদ্ধিমান সাহা(৪), ৰবিচন্দ্ৰন আশ্বিন(০), উমেশ যাদৱ(৪), মহম্মদ চামী(১)।

মহম্মদ চামীয়ে আঘাতপ্ৰাপ্ত হৈ ক্ৰিজ এৰিবলৈ বাধ্য হয়।

অষ্ট্ৰেলিয়াৰ হৈ হেজেলহুদে ৫ টা আৰু পেট কামিনছে ৪ টা উইকেট দখল কৰে।