NORTHEAST NOW (Assamese)
অসম

তিৱা স্বায়ত্ত পৰিষদ দখলৰ দিশে গেৰুৱা বাহিনী : বিজয়ী প্ৰাৰ্থীক লৈ ওখল-মাখল মৰিগাঁও চহৰ

Posted by: চানু গগৈ Updated by: চানু গগৈ December 19, 2020 2:23 pm
index.jpga

তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনত ৩৬ টা সংসদীয় পৰিষদত বিজেপিয়ে ১৭খন আখনত বিজয়ী হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ১ নং জমাদাৰী বিজেপি প্ৰাৰ্থী দুলাল বহ্মই ২,৩৬৩ টা ভোট লাভ কৰি তেঁওৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ নন্দেশ্বৰ বৰদলৈক পৰাভূত কৰে।

আনহাতে, ৩নং ঢেকিফলা সমষ্টিটো বিজেপি প্ৰাৰ্থী বীণাপানী বৰদলৈয়ে ৩,১৮১ টা ভোট লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থী বন্দনা পাটৰক পৰাভূত কৰে।

ঠিক তেনেদৰে ৩ নং ভূৰবন্ধা (এছটি) বিনয় কোঁৱৰে ৪,২০৮ টা ভোট লাভ কৰি তেৱঁৰ নিকটতম কংগ্ৰেছৰ নিতুল কোঁৱৰক চেৰ পেলাই সমষ্টিটো হস্তগত কৰিবলৈ সক্ষম হয়।

আনহাতে ৭ নং গড়মাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী মৰমী বৰদলৈয়ে কংগ্ৰেছৰ ৰুনামণি বৰদলৈক পৰাভূত কৰি বিজয়ী হ’বলৈ সক্ষম হৈছে।

সেই একে ধাৰাৰে ১১ নং জোনবিল সমষ্টিটো বিজেপি প্ৰাৰ্থী বিনীতা দৈমাৰীয়ে আসনখন আজুৰি আনিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি প্ৰাক্তন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৯ নং দমাল সমষ্টিটো ৩,২৬৩টা ভোট লাভ কৰি বিজয়ধাৰা অক্ষুণ্ণ ৰাখে।

এই প্ৰতিবেদন যুগুত কৰালৈকে ভোট গণনা অব্যাহত আছে।