NORTHEAST NOW (Assamese)
অসম

অঘটন: ক’ৰ’ণা ভাইৰাছৰ ভেকচিন গ্ৰহণৰ পিছতে সংবাদমেলতে ঢলি পৰিল এই গৰাকী নাৰ্চ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2020 4:48 pm
aa page1_571_855

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন এতিয়া প্ৰায় সাধাৰণ মানুহৰ দুৱাৰডলিত বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

বিশ্বৰ দেশে দেশে চলিছে ক’ৰ’ণা ভাইৰাছৰ ভেকচিনৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ।

আজি আমেৰিকাৰ চৰকাৰে দেশ খনত ক’ৰ’ণা ভাইৰাছৰ ভেকচিনৰ জৰুৰীকালিন ব্যৱহাৰৰ অনুমতি দিয়াৰ পিছতে দক্ষিণ-পূৱ আমেৰিকাৰ টেনেছিছ প্ৰদেশৰ এখন চিকিৎসালয়ত এই ভেকচিন প্ৰয়োগ কৰা হয়।

চিকিৎসালয়ৰ মুখ্য নাৰ্চ টিফানি ডভাৰক ভেকচিন প্ৰদানৰ পিছতে তেওঁ এখন সংবাদমেলত উপস্থিত হয়।

সংবাদমেলত ভেকচিন গ্ৰহণৰ অভিজ্ঞতা বৰ্ণনা কৰি থকাৰ সময়তে হঠাতে জ্ঞান হেৰুৱাই পেলায় ডভাৰে।

লগে লগে তেওঁক চিকিৎসকে পৰীক্ষা কৰে আৰু কিছুসময় পিছতে তেওঁ সুস্থ হৈয়ো উঠে।

ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই তেওঁ অজ্ঞান হৈ পৰিছিল নেকি বুলি বহুতৰে মনত প্ৰশ্নৰ উদ্ৰেক হোৱাৰ সময়তে নাৰ্চ গৰাকীয়ে কয় যে ভেকচিনৰ বাবে তেওঁৰ এনে হোৱা নাই।

ইয়াৰ পূৰ্বেও মূৰৰ বিষ হ’লে তেওঁ অজ্ঞান হৈ পৰাৰ ঘটনা ঘটিছিল বুলি ডভাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

অৱশ্যে নাৰ্চ গৰাকীৰ এনে মন্তব্যৰ পিছতো বহুতৰে মনত সন্দেহ ৰৈ যোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই বুলি ঘোষণা কৰিছে যে অহা ২৪ ঘণ্টাৰ ভিতৰত সমগ্ৰ আমেৰিকাতে ক’ৰ’ণাৰ ভেকচিন প্ৰদানৰ কাম আৰম্ভ হৈ যাব।

আমেৰিকাত এই ভেকচিন বিনামূলীয়া হ’ব আৰু ১৬ বছৰৰ ওপৰৰ সকলোৱে এই ভেকচিন ল’ব পাৰিব।