NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সৰ্বোচ্চ ন্যায়লয়ৰ ন্যায়ধীশ শৰদ অৰবিন্দ ববদে

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 20, 2020 8:43 pm
bobde-1574003522

গুৱাহাটীত জুডিচিয়েল একাডেমি আৰু বিশ্ব প্ৰকৃতি নিধিৰ ভাৰতীয় গোটে আয়োজন কৰা বন্যপ্ৰাণী সুৰক্ষা শীৰ্ষক এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমলৈ অহা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববদে আজি বিয়লি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
দৰ্শনৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত উপস্থিত হয়।

আজি বিয়লি বায়ু সেনাৰ এখন বিশেষ হেলিকপ্তাৰেৰে কাজিৰঙাৰ গেলেকীৰ খেল পথাৰত অৱতৰণ কৰে মুখ্য ন্যায়ধীশ গৰাকীয়ে৷

হেলিকপ্তাৰৰ পৰা অৱতৰণ কৰাৰ পিচতেই ন্যায়াধীশ গৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ উপস্থিতিত গোলাঘাট জিলা প্ৰশাসন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মুখ্য ন্যায়ধীশ শৰদ অৰবিন্দ ববদেক ৰাষ্ট্ৰীয় উদ্যানলৈ আদৰণী জনায়।

গেলেকীৰ অস্থায়ী হেলীপেডৰ পৰাই মুখ্য ন্যায়ধীশগৰাকীক কাজিৰঙাৰ বগৰিজুৰিত থকা আয়ৰা ৰিজৰ্টতলৈ লৈ যোৱা হয়।

কিছু সময় বিশ্ৰাম কৰাৰ পিচত মুখ্য ন্যায়ধীশ শৰদ অৰবিন্দ ববদে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চল পৰিভ্ৰমণ কৰে৷ চৰাইৰ প্ৰতি অধিক আকৰ্ষিত মুখ্য ন্যায়ধীশ গৰাকীয়ে অগৰাতলী বনাঞ্চলৰ চহলা বিলত পকিভ্ৰমী চৰাই দৰ্শন কৰে৷

দেওবাৰে নিশা কাজিৰঙাতে কটায় সোমবাৰৰ পুৱা মুখ্য ন্যায়াধীশ গৰাকীয়ে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতী চাফাৰী কৰিব বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জনাইছে৷