NORTHEAST NOW (Assamese)
অসম

প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ মালিকৰ ৪৪লাখ টকা লৈ পলাল কৰ্মচাৰী; ধৰি ৰঙাঘৰত সুমুৱালে আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 9:40 am
Representative image

চিনেমাত প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ নায়কে বিভিন্ন উপায় অৱলম্বন কৰা হয়তো আপুনি দেখিছে। কিন্তু বাস্তৱ জীৱনতো এনে এক কাহিনী ঘটিল য’ত এজন ব্যক্তিয়ে প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ মালিকৰে ধন লুটি নিয়ে।

দিল্লীৰ বৱানা অঞ্চলত সংঘটিত এই ঘটনাত এজন কৰ্মীয়ে নিজৰ প্ৰেমিকাক সন্তুষ্ট কৰিবলৈ মালিকৰ ৪৪লাখ টকা লৈ পলাই যায়।

কেবল সেয়াই নহয়, তেওঁ মালিকৰ বলেৰ’ গাড়ীখনো উঠাই নিয়ে। অৱশ্যে, আৰক্ষীয়ে ঘটনাটো গম পোৱাৰ পাছত অভিযোগ দাখিল কৰি তালাচী চলায় আৰু ইলেকট্ৰনিক চাৰ্ভাইলেন্সৰ জৰিয়তে কৰ্মচাৰীজনক আটক কৰি গাড়ী আৰু ধনখিনি জব্দ কৰে।

অবিযোগকাৰী লোকজনৰ দিল্লীৰ বৱানাত এটা কাৰখানা আছে। কাৰাখানাটোত অমিত নামৰ লোক এজনে কাম কৰিছিল। যোৱা ১৭ ডিচেম্বৰত মালিকে অমিতক বেংকত জমা দিবলৈ ৪৪লাখ টকা দিছিল।

অমিতে সেই টকাখিনি বেংকত জমা দিয়াৰপৰিৱৰ্তে লগত লৈ পলায়ন কৰে। লগতে মালিকৰ বলেৰ’ গাড়ীখনো লৈ যায়।

কাৰাখানাৰ মালিকে আৰক্ষীক অভিযোগ দাখিল কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে অমিতক শামলিৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অমিতৰ জিম্মাৰ পৰা চুৰি কৰি নিয়া ৪৪লাখ টকাৰ ভিতৰত ৩৬লাখ টকাৰ লগতে বলেৰ’ গাড়ীখনো উদ্ধাৰ কৰে।

অভিযুক্ত অমিতে আৰক্ষীক জনায় যে তেওঁৰ টকাৰ বৰ নাটনি হৈছিল। তেওঁ নিজৰ প্ৰমিকাৰ সৈতে ভৱিষ্যতে এক সুন্দৰ জীৱন যাপন কৰিব বিচাৰিছিল। অমিতে ভাৱিছিল যে এই চুৰি কাৰ্যৰ পাছত তেওঁৰ প্ৰেমিকা সন্তুষ্ট হ’ব আৰু ভৱিষ্যতে দুয়ো এখন সুখৰ সংসাৰ গঢ়ি তুলিব।

কিন্তু কৰ্মফল লাভ কৰি বেচেৰা অমিত সোমাল ৰঙাঘৰত।