NORTHEAST NOW (Assamese)
অসম

যোগাসনৰ পাছত খেলো ইণ্ডিয়া য়ুথ গেইমছত নতুনকৈ সংযোজন হ’ল চাৰিবিধ পৰম্পৰাগত খেলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 21, 2020 5:23 pm

২০২১ বৰ্ষৰ খেলো ইণ্ডিয়া য়ুথ গেইমছত গাতকা, কালাৰিপায়াট্টু, থাং-টা আৰু মাল্লাখাম্বাক নতুনকৈ অন্তৰ্ভূক্ত কৰা হৈছে।

ক্ৰীড়া মন্ত্ৰ্যালয়ে ২০২১ বৰ্ষৰ খেলো ইণ্ডিয়া য়ুথ গেইমছত গাতকা, কালাৰিপায়াট্টা, থাং-টা আৰু মাল্লাখাম্বা পৰম্পৰাগত খেল কেইবিধক নতুনকৈ অন্তৰ্ভূক্ত কৰাৰ বাবে অনুমতি প্ৰদান কৰে।

গাতকা হ’ল পঞ্জাৱৰ এক পৰম্পৰাগত খেল। পঞ্জাৱত এই খেলবিধ অতি জনপ্ৰিয়।

ইপিনে, কালাৰিপায়াট্টু হৈছে কেৰালাৰ এবিধ পৰম্পৰাগত জনপ্ৰিয় খেল।

মাল্লাখাম্বা মধ্যপ্ৰদেশৰ ৰাজ্যিক খেল হোৱাৰ বিপৰীতে থাং-টা হৈছে মণিপুৰৰ এবিধ সমৰকলা।

বিশেষকৈ মণিপুৰৰ জনসাধাৰণৰ মাজত থাং-টা নামৰ প্ৰাচীৰ সমৰকলা বিধ অতি জনপ্ৰিয় হিচাপে পৰিগণিত হৈ আছে।

আনহাতে, যোগাসনকো ২০২১ বৰ্ষৰ খেলো ইণ্ডিয়া য়ুথ গেইমছৰ তালিকাত নতুনকৈ অন্তৰ্ভূক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুই প্ৰকাশ কৰিছিল।