NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ বিধি ভংগ নকৰাকৈয়ে পাতিলে ৰাজকীয় বিয়া; ১০ হাজাৰ অতিথিক কৰিলে আপ্যায়ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 1:57 pm
WhatsApp Image 2020-12-22 at 12.18.47 PM

কৰ’না পৰিস্থিতিৰ বাবে বিভিন্ন দেশে লোক সমাগমত বাধা আৰোপ কৰিছে। এনে সময়ত সীমিত সংখ্যক অতিথিৰ উপস্থিতিতে বিয়াৰ অভ্যৰ্থনা সামৰিব লগা হৈছে।

কিন্তু এক দম্পতিয়ে  কৰ’নাৰ বাধা নিষেধৰ মাজতে প্ৰায় ১০ হাজাৰ লোকক নিজৰ বিয়ালৈ নিমন্ত্ৰণ দিয়ে। তাৎপৰ্যপূৰ্ণ কথাটো হ’লে যে ইয়াৰ বাবে তেওঁলোকে কৰ’নাৰ বিধিও উলংঘন কৰা নাই।

বাতৰি অনুসৰি, কৰ’নাৰ বাধা নিষেধৰ মাজত মালয়েছিয়াত মাত্ৰ ২০জন লোককহৈ বিয়াত নিমন্ত্ৰণ কৰাৰ  নিয়ম বান্ধি দিয়া আছে।

সেয়েহে, এই দম্পতিয়ে নিজৰ বিয়াখন ‘ড্ৰাইভ থ্ৰু’ ইভেন্টলৈ সলনি কৰে আৰু ১০ হাজাৰ লোকক নিমন্ত্ৰণ দিয়ে। ‘ড্ৰাইভ থ্ৰু’ অৰ্থাৎ অতিথিয়ে নিজৰ গাড়ীৰে আহিব আৰু বিবাহস্থলীত গাড়ীখনৰ গতি মন্থৰ কৰিব।

বিয়াৰ পাছতে দেওবাৰে পুৱা দম্পতিয়ে মালয়েছিয়াৰ পুটৰাজ্যাৰ এটা চৰকাৰী গৃহৰ সন্মুখত বহি থাকে। এই সময়ত অতিথিয়ে নিজৰ নিজৰ গাড়ীৰে তেওঁলোকক চাবলৈ আহে।

দৰা টেংকু মহম্মদ হাফিজ মালয়েছিয়াৰ প্ৰাক্তন মন্ত্ৰী আৰু প্ৰভাৱশালী ৰাজনৈতিক নেতা টেংকু আদনানৰ পুত্ৰ। দৰাৰ জন্মদিনো দেওবাৰেই পৰিছিল। টেংকু মহম্মদৰ কইনাৰ নাম হৈছে অ’ছিয়ন এলাজিয়া।

টেংকু আদনানৰ ফেচবুকত লিখিছে যে তেওঁ জানিব পৰা মতে পুৱাৰে পৰা ১০ হাজাৰ তাত ১০ হাজাৰ গাড়ী আহে। কৰ’নাৰ বিধি মানি গাড়ীৰ পৰা নমনাকৈয়ে বিয়াত উপস্থিত হোৱাৰ বাবে তেওঁ অতিথিসকলক ধন্যবাদ জনায়।

বাতৰি অনুসৰি, প্ৰায় ৩ঘন্টাতেই ১০ হাজাৰ লোকে তাত গাড়ীৰে আহি উপস্থিতি হয়। গাড়ীত অহা অতিথিসকলক বিয়াৰ খাদ্যসম্ভাৰো দিয়া হয়। ইয়াৰ বাবে পূৰ্বেই খাদ্য পেকিং কৰা ৰখা হৈছিল।