NORTHEAST NOW (Assamese)
অসম

দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৩,৯৫০ গৰাকী ব্যক্তি ক’ভিড পজিটিভ; ৩৩৩ গৰাকীৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 23, 2020 11:28 am

ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যা এক কোটি অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত ২৩,৯৫০ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইয়াৰ ফলত দেশত এতিয়া ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,০০,৯৯,০৬৬ গৰাকী।

আনহাতে যোৱা ২৪ ঘণ্টাত এই ভাইৰাছবিধৰ ফলত ৩৩৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই পৰ্যন্ত দেশত ক’ৰ’নাৰ ফলত ১,৪৬,৪৪৪ গৰাকী লোকৰ মৃত্যু ঘটিছে।

বুধবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি মঙলবাৰৰ দিনটোত ২৬,৮৯৫ গৰাকী ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছে।

চীনৰ পৰা সম্প্ৰসাৰিত এই ভাইৰাছবিধৰ কৱলৰ পৰা এই পৰ্যন্ত ৯৬,৬৩,৩৮২ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

দেশত এতিয়া ২,৮৯,২৪০ গৰাকী সক্ৰিয় ৰোগী আছে।

উল্লেখ্য যে, দেশত ক’ৰ’নাৰ আৰোগ্যৰ হাৰ ৯৫.৬৫ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৫ শতাংশ বুলি জনাইছে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

ইফালে আই চি এম আৰে জনোৱা অনুসৰি মঙলবাৰে দেশত ১০,৯৮,১৬৪ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

দেশত এই পৰ্যন্ত সৰ্বমুঠ ১৬,৪২,৬৮,৭২১ গৰাকী ক’ৰ’নাৰ টেষ্ট কৰা হৈছে বুলি জানিব পৰা যায়।